![]()
বিশেষ প্ৰতিবেদনঃ
নগাঁও : নিষিদ্ধ ড্ৰাগছ, ভাং, নিচাযুক্ত ঔষধৰ প্ৰচলন আৰু ব্যৱসায়ৰ বিৰুদ্ধে সক্ৰিয় হৈ পৰা নগাঁও আৰক্ষীক এইবাৰ অন্য এক ৰূপত দেখা গ’ল। অত্যাধুনিক একে-৪৭, এছ এল আৰ, ছাবমেচিন গান, পিষ্টল আদি অস্ত্ৰ এৰি নগাঁও আৰক্ষীয়ে হাতত তুলি ল’লে ধনু-কাঁড়, গদা, যাঠি, তৰোৱাল আদি । নিজৰ কৰ্মদক্ষতাৰে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই সবল নেতৃত্ব দিছে নগাঁও আৰক্ষীক। কৰায়ত্ত কৰিছে বহু কুখ্যাত অপৰাধীক। অপৰাধীৰ কথা এৰি হঠাৎ ধনু-কাঁড়, যাঠি-জোং, গদা হাতত তুলি ল’লে আনন্দ মিশ্ৰ বাহিনীয়ে। নগাঁও আৰক্ষী ছাউনীত কালি নিশা এক ব্যতিক্ৰমী ৰূপত দেখা গ’ল আৰক্ষীৰ লোকসকলক। পিছে কোনো আইন-শৃংখলা ৰক্ষাৰ বাবে নহয়, অসমীয়া ভাওনাৰ বাবেহে নগাঁও আৰক্ষীৰ এই নতুন ৰূপ।
প্ৰতিবছৰে লক্ষ্মী পূজাৰ পিছদিনা নগাঁও আৰক্ষীয়ে অনুষ্ঠিত কৰি আহিছে অসমীয়া ভাওনা। এইবাৰো নগাঁও আৰক্ষীৰ বিষয়া-জোৱানসকলে মঞ্চস্থ কৰিলে ‘অশ্বকৰ্ণ বধ’ নামৰ অংকীয়া নাটখন। আৰক্ষীৰ অভিনয় চাবলৈ নগাঁও আৰক্ষী ছাউনীৰ প্ৰেক্ষাগৃহত সমাগম ঘটিল বহু দৰ্শকৰ। নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই উদ্বোধন কৰা অসমীয়া ভাওনাখনত নগাঁও আৰক্ষীৰ বিষয়া তথা জোৱানসকলে কৰা সুন্দৰ আভিনয়ে দৰ্শকক মুগ্ধ কৰাৰ লগতে বিপুল সমাদৰো লাভ কৰে । সন্ধিয়া ৬ বজাত আৰম্ভ হোৱা নাটখনৰ সামৰণি পৰে নিশা ৯ বজাত।












