![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
বৰাকক অসমৰ পৰা পৃথক কৰাৰ অখণ্ড ভাৰত আৰু অখণ্ড অসমৰ বাবে কাম কৰিব লাগে। বৰাক বা ব্ৰহ্মপুত্ৰ উপত্যকায়েই হওঁক কোনেও কাৰো মনত আঘাত দিব নালাগে। মানুহৰ মনত কষ্ট, আঘাত দিলে দূৰত্ব বাঢ়ি যায়। অসমীয়া ভাষাত কলা ৰং লগোৱা প্ৰসংগত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। বৰাক উপত্যকাত কিবা কাৰণত দুখন অসমীয়া পোষ্টাৰ গ’ল তাক আমি বেয়া পাব নালাগে। ভাষাই মানুহক একত্ৰিত, সম্প্ৰীতি, সমন্বয় সাধন কৰে। কিন্তু ভাষাই যদি দূৰত্ব বৃদ্ধি কৰে তেন্তে ভাষা মূল্য ক’ত থাকিব- শৰ্মাই কয়।
‘বিজেপি চৰকাৰে বৰঅসম নিৰ্মাণ কৰা চেষ্টা কৰিছে। তাকে বাধা দিবৰ বাবে দুই-এটা কাম হ’ব, কিন্তু সেই কামৰ সৈতে মুকাবিলা কৰিম। যি ব্যৱস্থা ল’ব লাগে ল’ম’-মুখ্যমন্ত্ৰীয়ে আশ্বাস প্ৰদান কৰি এইদৰে কয়।
আনহাতে, বিশিষ্ট সাহিত্যিক ডঃ নগেন শইকীয়াই বৰাকক অসমৰ পৰা পৃথক কৰিব লাগে বুলি কৰা মন্তৱ্যত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলে মুখ্যমন্ত্ৰীয়ে। তেওঁ মোতকৈ ডাঙৰ এগৰাকী নমস্য বুদ্ধিজীৱি, তেওঁৰ ব্যক্তিগত মন্তৱ্যত মোৰ ক’ব লগা একো নাই।













