স্বাস্থ্য প্ৰতিবেদন:
মৌচুমী এন্টিঅক্সিডেন্ট আৰু বিভিন্ন ভিটামিন তথা খনিজ সমৃদ্ধ। সেয়ে আমাৰ স্বাস্থ্যৰ বাবে ইয়াৰ উপকাৰিতা অনেক।
১) ভিটামিন-চিৰ উৎকৃষ্ট উৎস
মৌচুমী এছকৰবিক এচিড অর্থাৎ ভিটামিন-চি সমৃদ্ধ, যি বিভিন্ন শাৰীৰিক ক্রিয়াকলাপৰ বাবে অত্যন্ত প্রয়োজনীয় আৰু আমাৰ সামগ্রিক স্বাস্থ্য ভালে ৰাখিবলৈও কার্যকৰী। অৱশ্যে ভিটামিন-চি পানীত দ্রবণীয় ভিটামিন হোৱা ৰবাবে ইয়াক শৰীৰত সঞ্চয় কৰি ৰাখিবলৈ অক্ষম। সেয়ে প্রতিদিনৰ খাদ্য তালিকাত পর্যাপ্ত মাত্রাত ভিটামিন চি থকাটো অতি প্রয়োজনীয়।
২) ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰে
মৌচুমী ৰোগ প্রতিৰোধ ক্ষমতা শক্তিশালী কৰি তুলিবলৈ অতি সহায়ক। ইয়াৰ ফলত জ্বৰ, চর্দি-কাহ বা অন্যান্য ৰোগৰ পৰা শৰীৰ সুৰক্ষিত হৈ থাকে। গৱেষণাত দেখা গৈছে যে সপ্তাহত তিনিদিন মৌচুমী খোৱাটো ভাইৰাছ আৰু বেক্টেৰিয়াৰ সংক্রমণ প্রতিৰোধ কৰাৰ বাবে অতি কার্যকৰী।
৩) ভোক লগায়
মৌচুমীৰ সোৱাদ লেলাৱতী গ্রন্থিক উদ্দীপিত কৰিবলৈ অত্যন্ত কার্যকৰী, যিয়ে ক্ষুধা বৃদ্ধিত সহায় কৰে। সেয়ে যিসকলৰ খোৱাৰ বিসংগতি আছে তেওঁলোকক মৌচুমীৰ ৰস খোৱাৰ পৰামর্শ দিয়া হয়।
৪) বমি বমি ভাব প্রতিৰোধ কৰে
মৌচুমীৰ ফ্লেভোনয়েডে বমি বমি ভাব প্রতিৰোধ কৰে আৰু হজম ক্ষমতাক শক্তিশালী কৰাত সহায় কৰে। আনকি মৌচুমী শুঙিলেও বমি বমি ভাব দূৰ হ’ব পাৰে।
৫) হজম ক্ষমতা উন্নত কৰে
নিয়মিত মৌচুমী খালে পিত্ত ৰস আৰু হজম এচিডৰ ক্ষৰণ উন্নত কৰাত সহায় কৰে। ই অন্ত্রৰ কার্যকলাপ আৰু হজম ক্ষমতাক উন্নত কৰাতো সহায় কৰে।