![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
দুৰ্গা পূজাৰ নৱমীৰ দিনা এই সাধু বাবা এজনে লগ পাইছিল লংকাৰ বাবলু ভৌমিক নামৰ লোকজনক। বাবলুক লগ পাই সাধুজনে বাবলুক সুধিছিল যে “তোমাৰ হাতত কিমান টকা আছে ? আৰু সঁচা কথা কোৱা নহ’লে এই টকা নইকীয়া হৈ যাব আৰু যদি সঁচা কথা ক’লে এই টকা দুগুণলৈ বৃদ্ধি হৈ যাব।”
বাবলুয়ে বেচেৰাই সাধুৰ এই কথাত ভয় খাই হাতত বিশ হাজাৰ টকা আছে বুলি কয়।
বাবলুৰ হাতৰ পৰা সাধুজনে বিশ হাজাৰ টকা লৈ এটা সৰু ক’লা ৰংৰ শিলত মেৰিয়াই দি বিভিন্ন তন্ত্ৰ-মন্ত্ৰ কৰি বাবুলক ক’লে যে এই টকাৰ টোপোলা তিনি দিনৰ পিছত তুমি খুলি চাবা আৰু এই টকা দুগুণ হৈ যাব।
তিনি দিনৰ অন্তত বেচেৰা বাবলুয়ে টোপোলা খুলি দিলে মূৰে কপালে হাত। সাধু বাবাই দিয়া কলা ৰংৰ শিলৰ টুকুৰাৰ বাহিৰে নাছিল কোনো ধৰণৰ টকা।
দুৰ্গা পূজা পাৰ হোৱা সপ্তাহ দিন হোৱাৰ পিছত আজি লংকা ৰেল ষ্টেচনৰ বাহিৰত বাবলুয়ে সাধু বাবাক পুনৰ প্ৰত্যক্ষ কৰি হাতে লুটে ধৰিলে সাধু বাবাক। হুৱা দুৱা লাগিল লংকা ৰেল ষ্টেচনত। বাবলুৰ পৰা সমগ্ৰ ঘটনাৰ কথা বুজিব পাৰি উত্তেজিত ৰাইজে লপা থপা দিলে সাধু বাবাক। ঘটনাস্থলীত লংকা আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। বৰ্তমান ৰঙা ঘৰৰ আলহী উত্তৰ প্ৰদেশৰ সাধু বাবা।












