বিশেষ প্ৰতিনিধিঃ
হোজাই আব্দুল হাঁচিব হাইস্কুলৰ পাছফালে নতুন ক’লনিত উদ্ধাৰ দেৱশিশু। পথৰ দাঁতিত এটা পলিথিনৰ বেগত ভৰাই থোৱা অৱস্থাত উদ্ধাৰ নৱজাতক দেৱ শিশুটি। প্ৰাতঃভ্ৰমণ কৰিবলৈ যোৱা এগৰাকী যুৱতীয়ে প্ৰত্যক্ষ কৰি নিজ মাতৃক খবৰ দিয়াত মাতৃয়ে উদ্ধাৰ কৰি হোজাই আৰক্ষীক গতাই দিয়ে। হোজাই আৰক্ষীয়ে তৎকালীনভাবে স্বাস্থ্য পৰীক্ষা কৰাই চাইলাইনত গতাই দিয়ে।