লংকাৰ পৰা মনোজ কুমাৰ পাঠক
হোজাইৰ লংকাৰ কাকীৰ ডেৰাপথাৰত দেওবাৰে অনুষ্ঠিত হয় ডালু জনগোষ্ঠীৰ এক ব্যৰ্ণাদ্ধ অনুষ্ঠান। য’ত ডালু সমাজৰ ৰীতি-নীতি, পূজা-পাৰ্বন, গীত-নৃত্যকে ধৰি জনগোষ্ঠীটোৰ সামগ্রীক কলা-সংস্কৃতি উপস্হাপন কৰা হয় । উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্হিত থাকে অসমৰ জনপ্ৰীয় কণ্ঠশিল্পী কৃষ্ণমনি চুতীয়া। পিছপৰা ডালু জনগোষ্ঠীয় লোকসকলে উপস্হাপন কৰা তেওঁলোকৰ কলা-সংস্কৃতি দেখি আপ্লুত হৈ পৰে কণ্ঠশিল্পীগৰাকী। পিছত উক্ত অনুষ্ঠানতেই ডালু জনগোষ্ঠীৰ ওপৰত হোৱা এক আলোচনা চক্ৰত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰে কৃষ্ণমনি চুতীয়াই।
তেওঁৰ লগত উপস্হিত থাকে হোজাইৰ ৰবিন্দ্ৰ নাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক দেৱৰাজ মিলিসহ কেইবাজনো অধ্যাপক, বিশিষ্ট সমাজ সেৱক নেত্ৰ ৰঞ্জন মহন্ত, নাহৰ সমন্নয় গোষ্ঠীৰ সভাপতি সূৰ্য্য জ্যোতি গোস্বামী, জিলা পৰিষদৰ সদস্যা জুন্তি ভাগৱতী আৰু হোজাই জিলাৰ কেইবাজনো বিশিষ্ট ব্যক্তি ।
উক্ত আলোচনা চক্ৰত ডালু জনগোষ্ঠীক কেনেকৈ ৰাজ্যখন আন আন জনগোষ্ঠীৰ দৰে চৰকাৰীভাৱে মৰ্যাদা দিব পাৰি তাৰ ওপৰত আলোচনাত আলোকপাত কৰা লগতে চৰকাৰে ২০০৩ চনত ডালু জনগোষ্ঠীৰ লোকসকলক জনজাতি মৰ্যাদা কৰ্তন কৰা সন্দৰ্ভতো বিশিষ্ট ব্যক্তিসকলে মন্তব্য ৰখা পৰিলক্ষিত হয়। কণ্ঠশিল্পী কৃষ্ণমনি চুতীয়াই ডালু জনগোষ্ঠীৰসমূহ কলা-সংস্কৃতি প্ৰত্যক্ষভাবে অনুভাৱন কৰি জনগোষ্ঠীৰ লোকসকলৰ হৈ নিজৰ সামৰ্থ অনুযায়ী নৃত্য-গীতৰ ক্ষেত্রত আগোৱাই নিয়া ক্ষেত্রত যিমান পাৰি সহায়-সহযোগ কৰিব বুলিও মন্তব্য প্ৰকাশ কৰে।।