স্বাস্থ্য প্ৰতিবেদন:
নিশা টোপনি নহাটো এটি সৰু সমস্যা যদিও ই যদি দীর্ঘ সময় ধৰি চলি থাকে তেনেহ’লে এক ডাঙৰ সমস্যা হৈ উঠিব পাৰে। টোপনিৰ অভাৱ বহু স্বাস্থ্যজনিত সমস্যাৰ কাৰণ। ক্রমবর্ধমান চাপৰ ফলত নিদ্রাহীনতা বৰ্তমান এটি সাধাৰণ বিষয় হৈ পৰিছে।
টোপনি নাহিলে এইবোৰ প্রতিকাৰ গ্ৰহণ কৰক :
নিশা এক গিলাচ গাখীৰত এক চামুচ মৌ মিহলাই নিয়মিত খালে টোপনিৰ সমস্যা চিৰদিনলৈ শেষ হৈ যাব। মৌৰ সৈতে মিশ্রিত গাখাৰে শৰীৰত শক্তি দিয়ে আৰু মস্তিষ্কৰ স্নায়ুবোৰকো শিথিল কৰে।
কমলা এনে এবিধ ফল যিয়ে শৰীৰত শক্তি যোগানৰ লগতে অনিদ্রাৰ প্রতিকাৰ হিচাবেও কাম কৰে। নিশা শোৱাৰ আগতে এক গিলাচ কুহুমীয়া পানীত দুটা কমলাৰ ৰস মিহলাই খাওক।
শোৱাৰ পূৰ্বে কুহুমীয়া পানীত অলপ নিমখ দি তাত ভৰি দুখন ডুবাই থৈ কিছু সময় বহি থাকক। এনে কৰিলে শৰীৰৰ সকলো ক্লান্তি দূৰ হয় আৰু টোপনি সহজ হয়।
শোৱাৰ পাঁচ মিনিট আগতে এটি কলৰ লগত কিছু ভাজা জিৰা খালে অনিদ্রাৰ সমস্যা সম্পূর্ণভাবে শেষ হয়।