ষ্টাফ ৰিপ’ৰ্টাৰ
ক’ৰনা বাবে ৰাজ্যত দুটা বছৰে স্থবিৰ ভ্ৰাম্যমাণ মেলা। চৰকাৰে ক’ৰনা দোহাইদি আজিও বন্ধ কৰাই ৰাখিছে মেলা। ৰাজনৈতিক দলসমূহে নিৰ্বাচনীৰ ডাঙৰ ডাঙৰ সভা আয়োজন কৰিছে৷ কিন্তু মেলাসমূহ মুকলি কৰিবলৈ ক’ৰনা কথা কয়- চৰকাৰলৈ ক্ষোভ উজাৰি এইদৰে কয় সদৌ অসম ফেয়াৰ এণ্ড এণ্টাৰটেনমেণ্ট অ’নাৰচ ৱেলফেৰা এছচিয়েচনে। ভ্ৰাম্যমাণ থিয়েটাৰ, ছবিগৃহ পৰা আৰম্ভ কৰি সকলো মুকলি হ’ল৷ কিন্তু ভ্ৰাম্যমাণ মেলা মুকলিত কোনো গুৰুত্ব নাই চৰকাৰৰ। বুধবাৰে গুৱাহাটী পল্টন বজাৰ সংবাদমেলত এছচিয়েচনৰ সভাপতি নিৰ্মল চন্দ্ৰ শৰ্মাই কয়- এখন ভ্ৰাম্যমান মেলাত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে প্ৰায় হাজাৰ জন ব্যক্তি জড়িত হৈ থাকে। ৩৫ খন মেলা আছে অসমত। কিন্তু বিগত দুটা বছৰ ক’ৰনা মহামাৰী বাবে বন্ধ হৈ আছে মেলাসমূহ। মেলা স্বত্বাধিকাৰীসকলে কৰ্মচাৰীসকলক সম্পূর্ণ নহলেও বিগত দুটা বছৰ দৰমহাৰ প্ৰদান কৰি আহিছে যদিও বৰ্তমান অসহায় হৈ পৰিছোঁ । ২বছৰ উপাৰ্জনহীন হৈয়ো আমাৰ কৰ্মচাৰীক চলাই আহিছোঁ-শৰ্মাই এইদৰে কয়।
এছচিয়েচনৰ চৰকাৰলৈ আহ্বান কভিড বিধি পালন কৰি ভ্ৰাম্যমাণ মেলাসমূহ মুকলিৰ অনুমতি দিয়ক।