![]()
নিউজ ডেক্স:
জম্মু-কাশ্মীৰত লেণ্ডমাইন বিস্ফোৰণত দুই সেনাৰ মৃত্যু হয়। ভাৰত-পাক নিয়ন্ত্রণ ৰেখাৰ ওচৰত নওচেৰা-সুন্দৰবনি ছেক্টৰত শনিবাৰে উক্ত বিস্ফোৰণ হয়। সেনাবাহিনীৰ এটি দলে টহল দি থকা অৱস্থাত হোৱা বিস্ফোৰণত তিনি সেনা গুৰুতৰভাবে আহত হয়। মৃত দুই সেনাৰ ভিতৰত এজন সেনা বিষয়া আৰু আনজন সেনা জোৱান।
স্থানীয় এজন আৰক্ষী বিষয়াৰ মতে, আহত তিনি সেনাক দ্রুততাৰে সেনা হস্পিটেললৈ স্থানান্তৰিত কৰা হয়। তেওঁলোকৰ ভিতৰত দুজনৰ অৱস্থা অত্যন্ত সংকটজনক।
জম্মুৰ এজন সেনা মুখপাত্রই জনোৱা মতে, শনিবাৰে সেনাবাহিনীৰ দলটিয়ে নিয়মমাফিক টহলদাৰীৰ কামত ওলাইছিল। দুর্ঘটনাবশত লেণ্ডমাইনত ভৰি দিয়াত বিস্ফোৰণ হয়। বিস্ফোৰণে নিহত দুই সেনাৰ এজন সেনা বিষয়া লেফটেনেন্ট ঋষি কুমাৰ। তেওঁ বিহাৰৰ বেগুচৰাইৰ বাসিন্দা। আনজন সেনা জোৱান মনজিৎ সিং পঞ্জাবৰ ভাটিণ্ডৰ বাসিন্দা।











