![]()
নিউজ ডেস্কঃ
উত্তৰ প্রদেশৰ বিধানসভা নির্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে অখিলেশ যাদৱে। উত্তৰ প্রদেশৰ প্রাক্তন মুখ্যমন্ত্রী আৰু সমাজবাদী পার্টিৰ প্রধান অখিলেশ যাদৱে সোমবাৰে এই ঘোষণা কৰে। অৱশ্যে কিয় এই সিদ্ধান্ত লৈছে তাৰ কোনো কাৰণ ব্যাখ্যা কৰা নাই। অৱশ্যে ইয়াৰ পূৰ্বেও তেওঁ কেতিয়াও উত্তৰ প্রদেশৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা নাই। বিধান পৰিষদৰ সদস্য হোৱাৰ সুবাদতে তেওঁ মুখ্যমন্ত্রীৰ পদত বহিছিল।
সোমবাৰে অখিলেশে জনায় যে তেওঁ প্ৰতিদ্বন্দ্বিতা নকৰিলেও তেওঁৰ দলে ৰাষ্ট্রীয় লোক দলৰ সৈতে জোঁট বান্ধি বিধানসভা নির্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব। অৱশ্যে দুয়ো দলৰ আসন বুজাবুজিৰ বিষয়টো এতিয়াও চূড়ান্ত হোৱা নাই।











