![]()
নিউজ ডেস্কঃ
অজয় দেৱগণ, ঐশ্বর্য ৰায় আৰু চলমান খান অভিনীত ছবি ‘হাম দিল দে চুকে চনম’খনৰ কাহিনী নিশ্চয় মনত আছে৷ তেনে এক কাহিনীয়ে বাস্তৱত সংঘটিত হৈছে৷ কেৱল এটাই পাৰ্থক্য—চিনেমাখনত নায়িকাই প্রেমিকক পায়ো শেষপর্যন্ত স্বামীৰ ওচৰলৈয়েই উভতি আহিছিল। উত্তৰ প্রদেশৰ কানপুৰৰ যুৱতী কোমলে প্রেমিকৰ সৈতে পুনৰ সংসাৰ পাতে। তেওঁক হোমৰ গুৰিত বহুৱাই প্ৰেমিকৰ সৈতে বিয়া পাতি দিয়ে স্বয়ং স্বামীয়ে।
স্বামীৰ নাম পঙ্কজ শর্মা। কানপুৰৰ বাসিন্দা পঙ্কজে গুৰুগ্রামৰ এটি ব্যক্তিগত কোম্পানীত হিচাবৰক্ষকৰ কাম কৰে। পাঁচমাহ পূৰ্বে কোমলৰ সৈতে তেওঁৰ বিয়া হয়। কিন্তু বিয়াত যে পত্নীৰ সন্মতি নাছিল, সেয়া কেইদিনমানৰ ভিতৰতেই বুজিব পাৰে পঙ্কজে। সাংবাদিকক তেওঁ জনোৱা মতে, প্রথমৰ পৰাই তেওঁৰ সৈতে দূৰত্ব বজায় ৰাখি চলিছিল কোমলে। বিশেষ কথাবার্তা ন’হৈছিল। বাধ্য হৈয়েই পোনপটীয়াকৈ পত্নীক প্রশ্ন কৰে পঙ্কজে। তাৰ পিছতেই জানিব পাৰে যে বিয়াৰ আগত এক সম্পর্ক আছিল কোমলৰ। এতিয়াও তেওঁ তেওঁৰ পুৰণি প্রেমিককেই ভালপায়।
লগে লগে পত্নীক তেওঁৰ প্রেমিকৰ সৈতে বিয়া দিবলৈ তৎপৰ হৈ পৰে পঙ্কজ। প্রথমতে আদালতত তিনি পৰিয়াল একেলগে বহি বিষয়টিৰ আইনী দিশ সন্দৰ্ভত আলোচনা কৰে। পিছত নিজেই পত্নীৰ বিয়াৰ যাৱতীয় ব্যৱস্থা কৰে পঙ্কজে। শুক্রবাৰে নিজে উপস্থিত থাকি কোমলক বিয়া দিয়ে। সেই অনুষ্ঠানত দুয়ো ঘৰৰেই অতিথিসকল উপস্থিত আছিল।











