![]()
নিউজ ডেস্কঃ
দীপাৱলীত জ্বলাব পাৰিব আতচবাজি। কিন্তু পৰিবেশ-বান্ধৱ আতচবাজি হ’লেহে লাভ কৰিব অনুমতি। সোমবাৰে এই ঘোষণা ছুপ্রিম কোর্টৰ।
প্ৰদূষণ প্রতিৰোধ আৰু অতিমাৰি পৰিস্থিতিৰ কাৰণ দেখুৱাই শুক্রবাৰে কলকাতা হাইকোৰ্টে পশ্চিমবঙ্গত দীপাৱলীত আতচবাজি জ্বলাব নোৱাৰিব। পৰিবেশ-বান্ধৱ হ’লেও সেয়া জ্বলোৱাত নিষেধাজ্ঞা দিয়ে। লগতে ৰাজ্যখনত আতচবাজিৰ ব্যৱহাৰ আৰু বিক্ৰীৰ ওপৰত সম্পূর্ণ নিষেধাজ্ঞা জাৰি কৰিছিল হাইকোৰ্টে। সোমবাৰে উক্ত ৰায় খাৰিজ কৰে দিয়ে ছুপ্রিম কোৰ্টে। অৱশ্যে পৰিবেশ-বান্ধৱ আতচবাজি চিনাক্ত কৰাৰ উপায় সন্দৰ্ভত কোনো স্পষ্ট বক্তব্য এতিয়াও জনোৱা নাই।











