![]()
নিউজ ডেস্কঃ
কংগ্ৰেছৰ দুৰ্গৰূপে খ্যাত ১০১নং মৰিয়নি সমষ্টিত বিজেপি জয়যাত্ৰা ।কংগ্ৰেছৰ প্ৰাৰ্থী লোহিত কোঁৱৰক ৪০১০১টা ভোটৰ ব্যৱধান পৰাস্ত কৰি বিধায়ক হিচাপে নিৰ্বাচিত হল বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুর্মী।প্ৰাক্তন কংগ্ৰেছ বিধায়ক কুর্মীয়ে ৫৫৪৮৯টা ভোট লাভ কৰে তাৰ বিপৰীতে কংগ্ৰেছৰ প্ৰাৰ্থী জনে লাভ কৰে ১৫৩৮৫টা ভোট।ধনু ৰূপে মৰিয়নি সমষ্টিত পৰিচিত ৰূপজ্যোতি কুর্মীয়ে কংগ্ৰেছ দল আৰু বিধায়কৰ পদ ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল।
জয়ী হৈ কুর্মীয়ে কলে-মোৰ এতিয়া হাঁহিহে উঠিছে।ৰাণা গোস্বামী আৰু কংগ্ৰেছৰ নেতৃত্ব কথা মৰিয়নিবাসী জনতাই নুশুনিলে।
‘অখিল গগৈ শেষ।তেওঁ ৰাজনীতি শেষ।২০২১ৰ নিৰ্বাচনত ভাগ্যভাল আছিল।বিভিন্ন দল-সংগঠনে হাত যোৰ কৰি দল সংগঠনৰ আবেদন ভিত্তিত শিৱসাগৰবাসীৰ জনতাই নিৰ্বাচিত কৰিছিল- কুর্মীয়ে কয়।
হাতীয়ে ঘৰ ভাঙিলেও দুখীয়াক সহায় কৰা, বিয়া, সকাম, তুলনী বিয়াত উপস্থিত থকা ৰূপজ্যোতি কুর্মী জিকিল বুলিও নিজকে কয়।
আনহাতে স্বামী কুর্মী জয়ত পত্নীয়ে সমষ্টিবাসীক ধন্যবাদ জনাই।













