![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ক’ৰনাত দীর্ঘদিনে বন্ধ থকা ৰাজ্য শিক্ষানুষ্ঠানসমূহ দুৰ্গাপূজা পাছৰ পৰা পুনৰ মুকলি হৈছে। অনলাইন পাঠদানৰ বিপৰীতে শ্রেণীকোঠাৰ পাঠদান আৰম্ভ কৰিছে বিদ্যালয়-মহাবিদ্যালয়সমূহে। স্বাস্থ্য-শিক্ষা বিভাগৰ ক’ভিড নিৰ্দেশ অৱলম্বন কৰি আৰম্ভ হৈছে পাঠদান। কিন্তু তেনে সময়ত কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষই শ্রেণীকোঠাত পাঠদানৰ সলনি স্নাতক আৰু স্নাতকোত্তৰ প্ৰথম ষাণ্মাসিকৰ পাঠদান অহা ৮নৱেম্বৰ পৰা অনলাইন পদ্ধতি জৰিয়তে আৰম্ভ কৰিবলৈ লোৱা জাননীক তীব্ৰ বিৰোধিতা কৰিছে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে।
মঙলবাৰে বিশ্ববিদ্যালয়ৰ চৌহদত অনলাইন পাঠদানৰ বিৰোধিতাৰে সংবাদমেল আয়োজন কৰি ছাত্ৰ-ছাত্ৰীসকলে কয়- ক’ৰনা পৰিৱেশ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে। প্ৰত্যেকখন শিক্ষানুষ্ঠাত অনলাইন পাঠদানৰ পৰিৱৰ্তে শ্রেণীকোঠাৰ পাঠদান আৰম্ভ হৈছে। কিন্তু কটন কৰ্তৃপক্ষ শ্রেণীকোঠা পাঠদান কিয় বন্ধ ৰাখিব বিচাৰিছে সেয়া ৰহস্য আৱৰ্তত। গুৱাহাটী পৰা অনলাইন শিক্ষা কথা ক’ব পাৰি। কিন্তু গাঁৱত অনলাইন শিক্ষা কিমান সম্ভৱপৰ সেইয়া গাঁৱত থকা সকলে বুজিব পাৰে। কটন বিশ্ববিদ্যালয়ত অন্য শ্রেণী পাঠদানসমূহ নিয়মীয়া কৈ অনুষ্ঠিত হৈ আছে তাৰ পাচতো স্নাতক আৰু স্নাতকোত্তৰ প্ৰথম ষাণ্মাসিকৰ পাঠদান অনলাইন জৰিয়তে কৰিবলৈ লোৱা হৈছে! সংবাদমেলত বিশ্ববিদ্যালয়খনৰ কৰ্তৃপক্ষই ছাত্ৰসমাজৰ হৈ এইদৰে প্ৰশ্ন কৰে ছাত্ৰ অভিষেক মহন্তই। অনলাইন পাঠদান বাতিল কৰি শ্রেণীকোঠা পাঠদানৰ আৰম্ভ কৰা দাবী জনাই কর্তৃপক্ষক।
উল্লেখ্য যে বিগত দুটা বছৰে ছাত্ৰ একতা সভা গঠন হোৱা নাই বিশ্ববিদ্যালয়খনত যাৰ ফলত শিক্ষাৰ্থী সমস্যাৰ কটন কর্তৃপক্ষক অৱগত কৰা অসুবিধা সৃষ্টি হোৱা লগতে কৰ্তৃপক্ষই আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত ব্যৱধান বৃদ্ধি পাইছে। বিশ্ববিদ্যালয়খনত ছাত্ৰ প্ৰতিনিধি নথকা বাবে কৰ্তৃপক্ষই ছাত্ৰ সমস্যাসমূহ শুনিব নিবিচাৰে বুলি সংবাদমেলত মহন্তই কয়।
আনহাতে, সংবাদমেলতে স্নাতক প্ৰথম ষাণ্মাসিকৰ ছাত্ৰ ঋতুপন হাতীমুৰীয়াই কৰ্তৃপক্ষক আহ্বান জনায় কয়- অন্য শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীতকৈ এমাহ পিছুৱাই থাকিব নিবিচাৰোঁ। ঐতিহাসিক কটনত শ্ৰেণীকোঠাৰ পাঠদান আৰম্ভ কৰিব লাগে। অনলাইন পাঠগ্ৰহণ সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে সম্ভৱপৰ নহয়।
সংবাদমেলত ছাত্ৰসমাজে অৱগত কৰা মতে-ছাত্ৰ একতা সভা নথকা বাবে বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ পৰা কৰ্তৃপক্ষক ছাত্ৰ-ছাত্ৰী সমস্যা কথা অৱগত কৰিব বিচাৰিলেও সাক্ষাৎ নকৰে বিশ্ববিদ্যালয়খন উপাচাৰ্যই। ছাত্ৰ আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ মাজত কৰবাত দূৰত্ব বৃদ্ধি হৈছে।
বৰ্তমানৰ শিক্ষা ব্যৱস্থা পৰীক্ষাৰ কেন্দ্ৰীক। যাৰ বাবে কটন কোনো ছাত্ৰ-ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ভাল ফলাফল লাভ নকৰিলে শিক্ষানুষ্ঠানখনৰ গৰিমা শেষ বা ছাত্ৰ-ছাত্ৰীয়ে পঢ়া ওপৰত গুৰুত্ব নিদিয়ে বুলি বিভিন্ন জনে সমালোচনা কৰে। কৰ্তৃপক্ষক শিক্ষা ব্যৱস্থাক পৰীক্ষাৰ কেন্দ্ৰীক নকৰি জ্ঞানমুখী কৰা আহ্বান ছাত্ৰ-ছাত্ৰীৰ।
বিশ্ববিদ্যালয় শ্রেণীকোঠা পাঠদান আৰম্ভ কৰা বিষয়টো মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰে ছাত্ৰ সমাজে। ইফালে কৰ্তৃপক্ষক তেওঁলোকৰ দাবী সম্বলিত স্মাৰক-পত্ৰ ইতিমধ্যেই প্ৰদান কৰিছে।













