![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
বৃহস্পতিবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেটে মাটিৰ ম্যাদী পট্টা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰে। এই সন্দৰ্ভত জনতা ভৱনত সংবাদমেল সম্বোধন কৰে মন্ত্ৰী কেশৱ মহন্ত আৰু যোগেন মহনে কয় যে ২ লাখ পৰিয়ালক চৰকাৰে ম্যাদী পট্টা প্ৰদান কৰিব।
বসুন্ধৰা আঁচনিৰ জৰিয়তে এই কাম কৰিব পাৰিব বুলি সংবাদমেলত জনোৱা হয়৷ আনহাতে, আবণ্টন দিয়াৰ লগে লগে ৰাইজে ইয়াৰ নিষ্পত্তিৰ বাবে আবেদন কৰিব পাৰিব। উক্ত আঁচনিৰ জৰিয়তে এই মুহূৰ্তলৈকে ১ লাখ ৮২ হাজাৰ ৬০০জন লোকে অনলাইন আবেদন কৰা বুলিও সংবাদমেলত প্ৰকাশ কৰে যোগেন মহনে।
উল্লেখ্য, আগন্তুক বৰ্ষৰ ১০ মে’ৰ ভিতৰত মাটিৰ সমস্যা সমাধানৰ লক্ষ্য গ্ৰহণ কৰিছে চৰকাৰে। চৰকাৰে ভূমি সম্পৰ্কীয় সকলো সমস্যা সমাধানৰ আশ্বাস দিয়াৰ লগতে যিসকলে আবণ্টন লাভ কৰিছে তেওঁলোকে অনলাইন বা অফলাইনযোগে আবেদন কৰিব পাৰিব বুলিও সংবাদমেলযোগে জনোৱা হয়। আনহাতে, অন্য এক সিদ্ধান্তমৰ্মে এতিয়াৰে পৰা কামৰূপ (গ্ৰাম্য) আৰু কামৰূপ (ম) জিলাৰ ট্ৰাইবেল বেল্টৰ মাটি ক্ৰয়-বিক্ৰয়ৰ অনুমতি জিলা দুখনৰ উপায়ুক্তই দিব পাৰিব বুলি জনোৱা হয়।













