![]()
নিউজ ডেস্কঃ
বায়ু প্ৰদূষণৰ ফলত বিস্তৰ ক্ষতি হৈছে আমাৰ হৃদপিণ্ডৰ। বৃদ্ধি হৈছে উচ্চ ৰক্তচাপৰ দৰে ৰোগ। বাঢ়িছে কিডনিৰ নানা জটিল অসুখো। সাম্প্রতিক এক গৱেষণাই এই কথা প্ৰকাশ কৰিছে। গৱেষণা-পত্রখন প্রকাশ হৈছে আমেৰিকান ছ’চাইটি অব নেফ্রোলজি (এএছএন)ৰ ‘কিডনি উইক ২০২১’ শীর্ষক অনলাইন সন্মিলনত, যোৱা ৪ নৱেম্বৰত।
গৱেষকসকলৰ পৰ্যবেক্ষণ মতে, দীর্ঘ দিন ধৰি কিডনির অসুখত ভোগা (যাক কোৱা হয় ‘ক্রনিক কিডনি ডিজিজ’ বা ‘চিকেডি’) প্রাপ্তবয়স্কসকলৰ উচ্চ ৰক্তচাপৰ লগতে গেলেক্টিন প্রোটিনৰ পৰিমাণো বাঢ়ি গৈছে বায়ু প্ৰদূষণৰ মাত্রা বৃদ্ধিৰ ফলত। এই গেলেক্টিন প্রোটিনৰ পৰিমাণ শৰীৰত বাঢ়িলেই হৃদপিণ্ডত গভীৰ ক্ষতি হয়। সেই ক্ষতি একোৰেই সুস্থ কৰি তোলাটো সম্ভৱ নহয়। চিকিৎসা বিজ্ঞানত যাৰ নাম ‘মায়োকার্ডিয়েল ফাইব্রোছিছ’।
মূল গৱেষক আমেৰিকাৰ কেছ ৱেষ্টার্ন ৰিজার্ভ বিশ্ববিদ্যালয়ৰ গৱেষক হাফছা তাৰিকে কয়, ‘‘যেতিয়াই আমাৰ হৃদযন্ত্রত ফাইব্রোব্লাষ্ট নামৰ এটি বিশেষ ধৰণৰ কোষে কোলাজেন সৃষ্টি কৰিবলৈ আৰম্ভ কৰে, তেতিয়াই হয় মায়োকার্ডিয়েল ফাইব্রোছিছ। তাৰ ফলত নানা ধৰণৰ হৃদৰোগ হয়। আনকি মৃত্যুকো আমন্ত্ৰণ জনায়।’’
গৱেষকসকলৰ মতে, বতাহত বিশেষ ধৰণৰ প্ৰদূষণ কণা (পার্টিকুলেট মেটাৰ ২.৫)ৰ পৰিমাণ বঢ়াৰ বাবেই এইটো হৈছে। সেই কণা বতাহত বা বায়ুত কম থাকিলে বা একেবাৰে নাথাকিলে কিডনি, হৃদপিণ্ডৰ সিমান ক্ষতি নহয়। অতি ক্ষতি হৈছে কিডনিৰো।
গৱেষকসকলে দুবছৰ ধৰি প্রায় ডেৰ হাজাৰ ৰোগীৰ ওপৰত ক্লিনিকেল ট্রায়েল চলাই এই ঘটনা সংঘটিত হোৱাটো প্ৰত্যক্ষ কৰিছে।













