![]()
বিশেষ প্ৰতিনিধিঃ
আজি পুৱা ১০ বজাত মণিপুৰৰ শ্বেখান-বেহিয়াং আৰক্ষী থানাৰ অন্তৰ্গত এলেকাত অসম ৰাইফলৰ কমাণ্ডিং অফিচাৰ আৰু তেওঁৰ পৰিয়ালক উগ্ৰপন্থীয়ে আক্ৰমণ কৰে। জানিব পৰা মতে, ৪৬ অসম ৰাইফলৰ কমাণ্ডিং বিষয়াসকল তেওঁলোকৰ পৰিয়াল আৰু কিউআৰটিৰ সৈতে থাকোতে উগ্ৰপন্থীয়ে আক্ৰমণ কৰে আৰু বিষয়াগৰাকীকে ধৰি তেওঁৰ পত্নী আৰু কিউআৰটিত নিযুক্ত ৪ জোৱান নিহত হোৱা খবৰ পোৱা গৈছে।
অৱশ্যে, বৰ্তমান সেনাই এই সন্দৰ্ভত আনুষ্ঠানিকভাৱে একো ঘোষণা কৰা নাই। মণিপুৰৰ মুখ্যমন্ত্ৰী নংথম্বাম বীৰেন সিঙে এই আক্ৰমণক তীব্ৰ গৰিহণা দিয়াৰ লগতে তেওঁ অপৰাধীসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল’বলৈ চেষ্টা কৰিব।
ইংৰাজী নিউজ চেনেল ইণ্ডিয়া টুডেৰ মতে, সেনা সুত্ৰই কয়, ‘কুইক ৰিএকচন দলৰ সৈতে বিষয়াজনৰ পৰিয়ালৰ সদস্যসকল কনভয়ত আছিল। হতাহত হোৱাৰ আশংকা কৰা হৈছে। অভিযান এতিয়াও অব্যাহত আছে। এতিয়া অধিক তথ্যৰ বাবে অপেক্ষা।













