নিউজ ডেস্কঃ
স্বাধীনতা সন্দৰ্ভত বিতর্কিত মন্তব্য কৰি পুনৰ সংবাদৰ শিৰোনামত কঙ্গনা ৰানাৱাট। তেওঁৰ মন্তব্য সন্দৰ্ভ বিৰোধীতো বাদেই, বিৰক্ত বিজেপিৰ মন্ত্রীসকলো। এইবাৰ শুভবুদ্ধি উদয়ৰ বাবে শনিবাৰে যজ্ঞ অনুষ্ঠিত কৰে কংগ্রেছৰ ছাত্র সংগঠন নেচনেল ষ্টুডেন্টছ ইউনিয়ন অব ইণ্ডিয়া চমুকৈ এনএছইউআয়ে। দিল্লীৰ সদৰ কাৰ্যালয়ত ‘শুভবুদ্ধি যজ্ঞ’ কৰে ছাত্ৰ সংগঠনটোৱে।
উল্লেখ্য, এক টিভি অনুষ্ঠানত কঙ্গনাই কৈছিল, যি স্বাধীনতা ভিক্ষা কৰি সেয়া প্ৰকৃততে স্বাধীনতাই নহয়। ১৯৪৭ চনত যি স্বাধীনতা ভাৰতে লাভ কৰিছিল সেয়া ভিক্ষা কৰি পোৱা। দেশৰ প্ৰকৃত স্বাধীনতা আহিছে ২০১৪ চনত। উল্লেখ্য, কেন্দ্রত নৰেন্দ্র মোদীৰ নেতৃত্বত ক্ষমতালৈ আহাটোকেই স্বাধীনতাৰ উপাধি দিছে কঙ্গনাই। বিজেপি নেতা বৰুণ গান্ধীয়ে এই মন্তব্যৰ তীব্র বিৰোধিতা কৰি কয়, কঙ্গনাৰ এই চিন্তাধাৰা কেৱল পাগলামি নহয়, দেশদ্রোহিতা।