![]()
নিউজ ডেস্কঃ
মণিপুৰৰ পৰা উদ্ধাৰ হ’ল বিপুল অস্ত্রভাণ্ডাৰ। মাটিৰ তলৰ পৰা অস্ত্র উদ্ধাৰৰ পিছত সেনাৰ বক্তব্য, বিচ্ছিন্নতাবাদী সংগঠনে বৃহৎ আক্ৰমণৰ পৰিকল্পনা কৰিছিল। তাত সহায় কৰিছিল চীনে। শনিবাৰে গোপন সূত্রৰ পমখেদি মণিপুৰ আৰক্ষী আৰু অসম ৰাইফলছৰ ফুনড্রেই বেটেলিয়নে তালাচী অভিযান চলায়। সেই অভিযানতে কাকচিং জিলাৰ ৱাবআগাই ইয়ানবি হাইস্কুলৰ সন্মুখত মাটিৰ তলত লাভ কৰে প্রচুৰ আগ্নেয়াস্ত্র। ২০ ৰাউণ্ড এম–৭৯ গ্রেনেড লঞ্চাৰ উদ্ধাৰ হয়। ম্যানমাৰ সীমান্তৱৰ্তী জিলাখনলৈ কেনেদৰে ইমান অস্ত্র আহিল, কোনে মজুত কৰিলে, তাক লৈ উঠিছে প্রশ্ন। প্রাক্তন সেনা বিষয়াসকলৰ সন্দেহ, পুনৰ এবাৰ উত্তৰ–পূব ভাৰতক অশান্ত কৰিব বিচাৰিছে চীনে।













