![]()
নিউজ ডেস্কঃ
মধ্যপ্রদেশৰ এগৰাকী ব্যক্তিয়ে তেওঁৰ সৈতে অমৰ প্ৰেমৰ যি উপহাৰ দিলে, তাক জানি আপুনিও আচৰিত হ’ব।
মধ্যপ্রদেশৰ বুৰহানপুৰৰ বাসিন্দা আনন্দ চোক্সে। পত্নীৰ প্রতি তেওঁৰ অমৰ প্ৰেমৰ নিদর্শন হিচাবে উপহাৰ দিলে ‘তাজমহল’। হুবহু তাজমহলৰ দৰে এটি ঘৰ নিৰ্মাণ কৰাই আনন্দে সেইটো উপহাৰ দিয়ে পত্নীক। মোগল সম্রাট শ্বাহজাহানে যেনেদৰে পত্নী মমতাজৰ প্রতি ভালপোৱা ব্যক্ত কৰিবলৈ তেওঁৰ স্মৃতিত তাজমহল নিৰ্মাণ কৰিছিল, সেই পথকেই অনুসৰণ কৰিলে আনন্দে। কিন্তু পত্নীৰ স্মৃতিত নহয়, পত্নীৰ প্রতি ভালপোৱাৰ নিদর্শন হিচাবেই তাজমহলৰ এক ক্ষুদ্ৰ সংস্কৰণ নিৰ্মাণ কৰে তেওঁ।
আনন্দে জনোৱা মতে, এই বুৰহানপুৰতেই মৃত্যু হৈছিল মমতাজৰ। কিন্তু উক্ত চহৰখনত তাজমহল নিৰ্মাণ নকৰি কিয় উক্ত স্মৃতিসৌধ শ্বাহজাহানে আগ্ৰাত নিৰ্মাণ কৰিলে সেই বিষয়টোৱে তেওঁক অবাক কৰিছিল। সেয়ে তেওঁ ঠিক কৰে যে তাজমহলৰ প্রতিৰূপ নিৰ্মাণ কৰিব বুৰহানপুৰত। নিজৰ ঘৰকে তাজমহলৰ দৰে নিৰ্মাণ কৰি সেয়া পত্নীক উপহাৰ দিয়ে আনন্দে।
ঘৰটো নিৰ্মাণ কৰিবলৈ তিনি বছৰ সময় লাগে। চাৰিটা শোৱনি কোঠাসহ ঘৰটোত আধুনিক উপকৰণৰো কোনো কম নাই। ঘৰটো নিৰ্মাণ কৰিবলৈ ইন্দোৰ আৰু পশ্চিবঙ্গৰ দক্ষ শিল্পীসকলে সহায় লৈছে আনন্দে। অৱশ্যে ঘৰটোৰ নিৰ্মাণ ব্যয় প্ৰকাশ কৰা নাই আধুনিক শ্বাহজাহানে ৷











