
ভেনিজুৱেলাৰ উত্তৰ প্ৰান্তত হোৱা বিধ্বংসী ভূমিকম্পৰ পাছত জৰুৰীকালীন সাহায্য (Venezuela emergency aid) আৰু চিকিৎসা সামগ্ৰী যোগান ধৰিবলৈ ভাৰতে (India) অপাৰেচন অমিষ্টাদ (Operation Amistad) নামৰ এটা মানৱীয় অভিযান আৰম্ভ কৰিছে। ইয়াৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় দুৰ্যোগৰ সময়ত বৈশ্বিক মঞ্চত প্ৰথম সঁহাৰিদাতা হিচাপে ভাৰতে নিজৰ ভূমিকাক পুনৰবাৰ প্ৰমাণ কৰিছে। ভাৰতীয় বায়ুসেনাৰ দুখন চি-১৭ বিমানেৰে এটা ৪১ জনীয়া বিশেষজ্ঞ চিকিৎসা দল, ভাৰতীয় সেনাৰ এটা ফিল্ড হাস্পতাল ইউনিট, দৰব-পাটি, থলুৱাভাৱে নিৰ্মিত দুটা ভীষ্ম কিউব আৰু প্ৰায় ৩৫ টন সাহায্য সামগ্ৰী হিন্দন বায়ুসেনা ঘাটিৰ পৰা ভেনিজুৱেলা অভিমুখে ৰাওনা হৈছে।
ভেনিজুৱেলাত এটাৰ পাছত আনটোকৈ অহা দুটাকৈ শক্তিশালী ভূমিকম্প(ৰিখটাৰ স্কেলত যাৰ প্ৰাবল্য আছিল ৭.২ আৰু ৭.৫ৰ পাছত এই অভিযান হাতত লোৱা হৈছে। এই ভূমিকম্পত বৰ্তমানলৈকে ২৩৫তকৈও অধিক লোকে প্ৰাণ হেৰুৱাইছে আৰু ৪,৩০০তকৈও অধিক লোক আহত হৈছে। বিদেশ মন্ত্ৰী ড° এছ জয়শংকৰে কয় যে, অপাৰেচন অমিষ্টাদে এই সংকটৰ সময়ত ভেনিজুৱেলা চৰকাৰ আৰু দেশখনৰ জনসাধাৰণক সহায় কৰিবলৈ ভাৰতৰ প্ৰতিশ্ৰুতিক প্ৰতিফলিত কৰিছে।

ভাৰতীয় সেনাৰ বিখ্যাত ৬০ পেৰা ফিল্ড হাস্পতালৰ এই চিকিৎসা দলটোত ৯ গৰাকী সামৰিক চিকিৎসক অন্তৰ্ভুক্ত আছে, যিসকল আহত লোকৰ জৰুৰীকালীন চিকিৎসা, আঘাতৰ ব্যৱস্থাপনা আৰু জটিল অস্ত্ৰোপচাৰ সম্পন্ন কৰিব পৰাকৈ সুসজ্জিত।
এই অভিযানৰ আটাইতকৈ আকৰ্ষণীয় দিশটো হৈছে ভাৰতৰ আৰোগ্য মৈত্ৰী প্ৰকল্পৰ অধীনত দুটা ভীষ্ম কিউব প্ৰেৰণ। এই মড্যুলাৰ ফিল্ড হাস্পতালকেইখন মাত্ৰ কেইমিনিটমানৰ ভিতৰতে কাৰ্যক্ষম কৰি তুলিব পাৰি আৰু ইয়াত একেলগে প্ৰায় ২০০ গৰাকী ৰোগীক জৰুৰীকালীন চিকিৎসা সেৱা প্ৰদান কৰিব পৰা যায়। প্ৰায় ১৪,৩০০ কিলোমিটাৰ দূৰত্বৰ এই সাহায্য অভিযানে বসুধৈৱ কুটুম্বকম আদৰ্শৰে অনুপ্ৰাণিত ভাৰতৰ মানৱীয় প্ৰচেষ্টাক প্ৰতিষ্ঠা কৰে। ইয়াৰ পূৰ্বেও ভাৰতে নেপাল, তুৰস্ক, ছিৰিয়া, ম্যানমাৰ আৰু ক’ভিড-১৯ মহামাৰীৰ সময়ত সফলতাৰে এনে দুৰ্যোগ প্ৰশমন অভিযান চলাইছিল আৰু ভৱিষ্যতেও আগবঢ়াব।












