নিউজ ডেক্স:
ঐতিহাসিক ‘নর্মদা বচাও’ আন্দোলনৰ কথা নিশ্চয় মনত আছে। এইবাৰ তেনে এক আন্দোলনত চামিল হ’ল ইৰানৰ হাজাৰ হাজাৰ লোক। ইৰানৰ ইছফাহান প্রদেশৰ লোকসকলে সন্মিলিত প্রতিবাদৰ কণ্ঠত মুখৰিত হ’ল আকাশ-বতাহ।
ইছফাহান প্রদেশত আছে জায়ানদে ৰুদ নামৰ এখন নদী। স্থানীয় বাসিন্দাসকলৰ দাবী, চৰকাৰৰ গাফিলতি আৰু উদাসীনতাত শুকাই গৈছে নদীখন। যাৰ ফলত সমস্যাত পৰিছে অঞ্চলটোৰ সাধাৰণ মানুহ। বিশেষকৈ চাপত পৰিছে কৃষকসকল। জলসিঞ্চনৰ বাবে পানী নোপোৱাত ফচল উৎপাদন কৰিব পৰা নাই। সেয়েহে নদীখনক বচোৱাৰ দাবীত আন্দোলন আৰম্ভ কৰিছে কৃষকসকলে।
কৃষকসকলৰ আহ্বানত সঁহাৰি জনাই হাজাৰ হাজাৰ লোক প্রতিবাদত চামিল হয়। জানিব পৰা মতে, ইয়াৰ পূৰ্বে এই বিষয়ত প্রতিবাদ জনায়ো কোনো লাভ হোৱা নাই। গা লৰা নাই প্রশাসনৰ। এইবাৰ ব্যাপক ৰূপ লৈছে আন্দোলনে।
আন্দোলন সর্বাত্মক হোৱাৰ লগে লগে যেন গাত তৎ আহিছে প্রশাসনৰ। স্বয়ং ইৰানৰ ৰাষ্ট্ৰপতি ইব্রাহিম ৰাইচিয়ে বিষয়টোত গুৰুত্ব প্ৰদান কৰিছে। জায়ানদে ৰুদ নদীক কেনেদৰে বচাব পাৰি তাকে লৈ পৰিবেশবিদসকলৰ সৈতে আলোচনাও কৰিছে।