![]()
নিউজ ডেস্কঃ
নব্বৈৰ দশকৰ ৰূপলৈ পুনৰ উভতি গৈছে তালিবান। উদাৰপন্থী চৰকাৰ চলোৱাৰ যি প্ৰতিশ্ৰুতি দিছিল সেয়া এতিয়া কাৰ্যত প্ৰহসন৷ এইবাৰ নতুন চৰিয়তি ফতোৱা জাৰি কৰিলে তালিবানে। আফগানিস্তানৰ সংবাদ মাধ্যমক দিয়া নির্দেশনাত তালিবান চৰকাৰে জনাইছে যে টিভি চেনেলবোৰত মহিলাসকলৰ দ্বাৰা অভিনীত কোনো নাটক বা ধাৰাবাহিক সম্প্রচাৰ কৰিব নোৱাৰিব।
এই ফতোৱা দিছে ‘প্রমোচন অব ভার্চু এণ্ড প্রিভেনচন অব ভাইচ’ মন্ত্রালয়ে। এই মন্ত্রালয় দেশবাসীৰ পাপ আৰু পুণ্যৰ বিচাৰক। মন্ত্ৰালয়টোৱে জনোৱা মতে, বাতৰি পঢ়াৰ সময়ত টিভি চেনেলৰ মহিলা সাংবাদিকসকলে অৱশ্যেই হিজাব পৰিধীন কৰিব লাগিব। আনকি কোনো টিভি অনুষ্ঠানত হজৰত মহম্মদ বা উক্ত পর্যায়ৰ ধর্মগুৰুসকলৰ চৰিত্র দেখুৱাব নোৱাৰিব। ইছলামিক আৰু আফগান ভাবাবেগৰ বিৰোধী অনুষ্ঠান নিষিদ্ধ কৰাৰো সাৱধানবাণী দিয়া হৈছে।
মন্ত্রালয়টোৰ মুখপাত্র হাকিফ মোহাজিৰে আন্তর্জাতিক সংবাদ মাধ্যম এএফপিক জনাইছে, এইবোৰ নিয়ম-কানুন নহয়, বৰং ধর্মীয় নির্দেশনা।











