![]()
নিউজ ডেস্কঃ
নিষিদ্ধ ড্ৰাগছ সৰবৰাহৰ বিস্ফোৰক অভিযোগ উঠিছে জনপ্রিয় ই-কমাৰ্চ ছাইট এমাজনৰ বিৰুদ্ধে। ড্ৰাগছৰ বেআইনী লেনদেনৰ অভিযোগত মধ্যপ্রদেশ আৰক্ষীয়ে স্থানীয় বিষয়াসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। মৌ-তুলসী বুলি ১ হাজাৰ কেজি গাঞ্জা সৰবৰাহৰ অভিযোগ উঠিছে। যাৰ বজাৰ মূল্য আনুমানিক ১ কোটি ১০ লক্ষ টকা৷ অৱশ্যে কোম্পানীটোৰ কিমানজন সঞ্চালকৰ বিৰুদ্ধে গোচৰ তৰা হৈছে, সেয়া জনোৱা নাই। এমাজনৰ পৰা পোৱা উত্তৰ আৰু আৰক্ষীৰ ওচৰত থকা প্রমাণৰ ভিত্তিত মাদকদ্ৰৱ্য আইনত গোচৰ ৰুজু কৰা হৈছে।
ভিন্দৰ আৰক্ষী অধীক্ষক মনোজ কুমাৰ সিঙে জনায়, ‘বিগত চাৰি মাহ ধৰি কোম্পানীটোৱে অনলাইন কিনা-বেচাৰ মাধ্যমেৰে নিষিদ্ধ ড্ৰাগছৰ কাৰবাৰ চলাই আছে।’ মধ্যপ্রদেশৰ গৃহমন্ত্রী নৰোত্তম মিশ্রই স্পষ্টভাৱে জনাইছে যে তদন্তত সহযোগিতা নকৰিলে পদক্ষেপ লোৱা হ’ব। তেওঁ কয়, ‘এমাজনক এই বিষয়ত তলৱ কৰা হৈছে। কিন্তু তেওঁলোকে যথেষ্ট সহযোগিতা কৰা নাই। আমি কেম্পানীটোৰ এমডি আৰু চিইওক এই ক্ষেত্ৰত অনুৰোধ জনাইছো সহায় কৰাৰ বাবে। নহ’লে অন্য পদক্ষেপ ল’ব লাগিব।’
উল্লেখ্য, যোৱা ১৪ নৱেম্বৰত মধ্যপ্রদেশৰ ভিন্দি জিলাৰ পৰা ২০ কেজি গাঞ্জা উদ্ধাৰ হয়। লগতে গ্রেপ্তাৰ হৈছিল দুজন। অভিযুক্ত দুজনে এমাজন ইণ্ডিয়া ৱেবছাইটৰ পৰা গাঞ্জা অর্ডাৰ কৰিছিল বুলি দাবী। নার্কোটিক ড্রাগছ এণ্ড ছাইকোট্রপিক ছাবষ্টেন্স আইনৰ অধীনত এমাজন ইণ্ডিয়াৰ কাৰ্যবাহী সঞ্চালকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়।











