![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
দুটা কোষাগাৰ পৰা অবৈধ দৰমহা লোৱাৰ অভিযোগত ৭০গৰাকীৰ শিক্ষকলৈ শিক্ষা বিভাগৰ জাননী। কাহিলীপাৰাস্থিত মাধ্যমিক শিক্ষা সঞ্চালকালয়ে জাৰি কৰিছে এই নিৰ্দেশনা। উল্লেখ্য শিক্ষা বিভাগক প্ৰদৰ্শন কৰিব লাগিব নথি-পত্ৰ। যদি নথি-পত্ৰৰ প্ৰদৰ্শনত অবৈধ দৰমহা লোৱাৰ কথা ধৰা পৰে তেন্তে নীতি-বৰ্হিভূত টকা ঘূৰাই দিব লাগিব।
চিটিএমআইএছৰ তথ্য ভিত্তিত এই ৭০ গৰাকী ঠিকাভিত্তিক শিক্ষকলৈ জাননীৰ জাৰি কৰিছে। মাধ্যমিক শিক্ষা বিভাগৰ নিৰ্দেশনাত উল্লেখ থকা জিলাসমূহ ক্ৰমে বৰপেটা ৭জন, বঙাইগাঁও ৩জন, কাছাৰ ৬জন, দৰং ২জন, ধেমাজি ১জন, ডিব্ৰুগড় ৪জন, ডিমা-হাছাও ৩জন, গোলাঘাট ১জন, গোৱালপাৰা ৯জন, যোৰহাট ৮জন, কামৰূপ ২জন, কামৰূপ(ম) ১জন, কাৰ্বি আংলং ৪জন, নগাঁও ৫জন, কৰিমগঞ্জ ১জন, লখিমপুৰ ২জন, নলবাৰী ১জন, শিৱসাগৰ ৪জন, শোণিতপুৰ ৫জন আৰু তিনিচুকীয়া ১জন শিক্ষকৰ বিৰুদ্ধে আছে এই অভিযোগ। শিক্ষা বিভাগে জিলাৰ বিদ্যালয় পৰিদৰ্শকৰ জৰিয়তে জাননী প্ৰেৰণ কৰিছে।
তাপৰ্যপূৰ্ণ কথা যদি দুটা দৰমহা লোৱা তথ্য ধৰা পৰে তেন্তে এই শিক্ষকৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱা সম্ভাৱনা আছে। অন্য পদত নিযুক্তি পিছতো পূৰ্ব কোষাগাৰৰ পৰা দৰমহায় সমগ্ৰৰ অভিযোগ শিক্ষকসকলৰ বিৰুদ্ধে।













