![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ভুৱা টেট শিক্ষকৰ বিৰুদ্ধে সোচ্চা শিক্ষাৰ বিভাগ। চিআইডিত গোচৰ দাখিল শিক্ষা বিভাগৰ। ২০১৬চনৰ অক্টোবৰ মাহৰ পৰা ২০২১ চনৰ ছেপ্টেম্বৰলৈ নিযুক্তিপ্ৰাপ্ত ৫৫৯২ গৰাকী শিক্ষকৰ নথি-প্ৰমাণপত্ৰ পুনৰীক্ষণৰ নিৰ্দেশ।
উচ্চ মাধ্যমিক, উচ্চতৰ মাধ্যমিক আৰু হাইমাদ্ৰাছাত নিযুক্তি প্ৰাপ্ত শিক্ষকসকলৰ দুটা পৰ্যায়ত হ’ব পুনৰীক্ষণ। স্নাতকোত্তৰ শিক্ষক, স্নাতক শিক্ষক দুটাকৈ পৰ্যায়ত নিযুক্তি লাভ কৰিছিল শিক্ষকসকলে।
উল্লেখ্য যে, ২০১৬-১৭বৰ্ষত শিক্ষক মুঠ নিযুক্তি ৭৩গৰাকী। স্নাতকোত্তৰ শিক্ষক ৪৪গৰাকী, স্নাতক শিক্ষক ২৯গৰাকী। ২০১৭-১৮বৰ্ষত ১২২৩ গৰাকী। স্নাতকোত্তৰ শিক্ষক ৩৩৭ গৰাকী আৰু স্নাতক শিক্ষক ৮৮৬ গৰাকী। ২০১৮-১৯বর্ষত মুঠ ১০৪ গৰাকী। স্নাতকোত্তৰ শিক্ষক ১০৪ গৰাকী। ২০২০-২১ বৰ্ষত মুঠ ৪১৯২ গৰাকী নিযুক্তি হৈছে। স্নাতকোত্তৰ শিক্ষক ২গৰাকী বিপৰীতে স্নাতক শিক্ষক ৪১৯০গৰাকীৰ।
গুৰুত্বপূৰ্ণ কথা যে শেহতীয়া ভাৱে ভুৱা টেট উৰ্ত্তীণ প্ৰমাণ-পত্ৰৰে বি টি আৰত নিযুক্তিপ্ৰাপ্ত একাংশৰ ভুৱা টেট শিক্ষক চিআইডি হাতত গ্ৰেপ্তাৰ পাছতে তৎপৰ হৈছে শিক্ষা বিভাগ।
তাপৰ্যপূৰ্ণ কথা শিক্ষা বিভাগে নথি পুনৰীক্ষণৰ জাননী জাৰি কৰা শিক্ষকসকল বৰ্তমান মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শিক্ষামন্ত্ৰী ৰূপে দায়িত্বত থাকোতে নিযুক্তি লাভ কৰিছিল।













