![]()
নিউজ ডেক্স:
পুনৰ বিতর্কত অভিনেত্রী কঙ্গনা ৰানাৱাট। শিখ সম্প্রদায়ৰ কেইজনমান সদস্যই তেওঁৰ বিৰুদ্ধে দাখিল কৰিছে এফআইআৰ। তেওঁলোকৰ অভিযোগ, এটি ইনষ্টাগ্রাম পোষ্টৰ জৰিয়তে শিখ সম্প্রদায়ৰ ভাবাবেগত আঘাত হানিছে কঙ্গনাই।
অমৰজিৎ সান্ধু নামৰ এজন ব্যক্তিয়ে কঙ্গনাৰ বিৰুদ্ধে গোচৰ দাখিল কৰিছে। দিল্লী শিখ গুৰুদ্বাৰ ব্যৱস্থাপনা কমিটি আৰু শিৰোমণি আকালি দলৰ নেতাসকলেও তেওঁক সমর্থন কৰিছে। ২১ নৱেম্বৰত কঙ্গনাৰ ইনষ্টাগ্রাম প্রফাইলত হিন্দী আৰু ইংৰাজীত লিখা এটি পোষ্ট চাই তেওঁলোকে এই গোচৰ দাখিল কৰাৰ সিদ্ধান্ত লয়।
পোষ্টটোত কৃষি আইনৰ বিৰুদ্ধে কৃষকসকলৰ প্রতিবাদক ‘খালিস্তানী আন্দোলন’ৰ আখ্যা দিছে কঙ্গনাই। প্রতিবাদী কৃষকসকলক ‘খালিস্তানী সন্ত্রাসবাদী’ বুলিছে তেওঁ।সর্বভাৰতীয় সংবাদ মাধ্যমক এগৰাকী আৰক্ষী বিষয়াই কয়, “২৯৫-এ ধাৰাত আমি কঙ্গনাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছো। এইবাৰ আৰু তদন্ত কৰা হ’ব।”











