![]()
নিউজ ডেস্কঃ
১১ জন বিধায়কক লগত লৈ কংগ্ৰেছ ত্যাগ কৰি বৃহস্পতিবাৰে তৃণমূলত যোগদান মেঘালয়ৰ প্রাক্তন মুখ্যমন্ত্রী মুকুল ছাংমাৰ। ফলত মেঘালয়ত কংগ্রেছ বিধায়কৰ সংখ্যা ১৮ৰ পৰা কমি হ’ল ৬। যাৰ বাবে এতিয়া মেঘালয়ত প্রধান বিৰোধী দল হিচাবে মৰ্যাদা পালে তৃণমূলে।
বৃহস্পতিবাৰে আনুষ্ঠানিকভাবে ১১ জন বিধায়কক লগত লৈ তৃণমূলত যোগদান কৰে মেঘালয়ৰ প্রাক্তন মুখ্যমন্ত্রীগৰাকীয়ে। দল এৰাৰ অন্যতম কাৰণ হিচাবে মুকুল চাংমাই ব্যাখ্যা কৰে যে দেশত বিৰোধী দল হিচাবে কাম কৰাত ব্যর্থ হৈছে কংগ্রেছে।
উল্লেখ্য, ২০১০-২০১৮ পর্যন্ত মেঘালয়ৰ মুখ্যমন্ত্রী আছিল মুকুল চাংমা। পূব গাৰো পাহাৰৰ প্রভাৱশালী নেতা তেওঁ।













