ASSAM TIMES POST
গুৱাহাটীঃ বাইক চালনাৰ প্ৰতি আগ্ৰহী যুৱকসকলৰ বহুদিনীয়া অপেক্ষাৰ অন্তত সোমবাৰে ভাৰতত মুকলি হ’ল কেটিএমৰ ৭৯০ ডিউক। ইয়াৰ শ্ব’ ৰুমত মূল্য হ’ল ৮ লাখ ৬৩ হাজাৰ টকা। ৭৯৯ চিচিৰ এই বিশেষভাৱে নিৰ্মিত বাইকখনে সৰ্বোচ্চ ১০৩ এইচপি শক্তি সৃষ্টি কৰিব পাৰিব আৰু ইয়াৰ টৰ্ক হ’ল ৮৭ এনএম। বাইকখনত সমৃদ্ধ কৰা হৈছে ২টা চিলিণ্ডাৰ, ৪ টা ষ্ট্ৰোক, সমান্তৰাল দ্বৈত ইঞ্জিন। ইয়াৰ এলইডি হেডলাইট আৰু টেইললাইট হ’ল আন এক আকৰ্ষণ।