![]()
নিউজ ডেস্কঃ
নৃশংসভাবে চোকা অস্ত্রৰে নিজৰ দুই সন্তানসহ পাঁচজনক হত্যা কৰিলে এজন ব্যক্তিয়ে। ঘটনাটি ঘটিছে শুক্রবাৰে নিশা ত্রিপুৰাৰ খোৱাই জিলাত। নিহতসকলৰ ভিতৰত এজন আৰক্ষী বিষয়াও আছে। আহত হৈছে একাধিক। অভিযুক্তক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে। জানিব পৰা মতে, উত্তৰ ৰামচন্দ্রঘাট এলেকাৰ শড়াতুলিৰ বাসিন্দা পেছাত ৰাজমিস্ত্রি প্রদীপ দেৱৰায়ে মানসিক সমস্যাৰ বাবেই এই কাণ্ড ঘটাইছে। প্রথমতে ঘৰত নিজৰ দুই শিশু সন্তানক ঘপিয়াই হত্যা কৰে। ইয়াৰ পিছত খেদি যায় পত্নীক। কিন্তু তেওঁ কিবাকৈহে পলাই প্রাণ বচায়।
ইয়াৰ পিছত ৰাস্তালৈ আহি এজন অটোচালকক হত্যা কৰে। চোকা অস্ত্রৰে ঘপিয়ায় আন কেইবাজনকো। খবৰ পাই খোৱাই থানাৰ সহকাৰী পৰিদৰ্শক সত্যজিৎ মল্লিকে কেইজনমান আৰক্ষীক লগত লৈ ঘটনাস্থলীত উপস্থিত হয়। প্রদীপক নিৰস্ত কৰিবলৈ যাওঁতে হঠাৎ সত্যজিতক আক্রমণ কৰে। ঘটনাস্থলীতেই সত্যজিতৰ মৃত্যু হয়। ইয়াৰ পিছত আৰক্ষীয়ে অভিযুক্তক কৰায়ত্ত কৰে।













