![]()
মনোৰঞ্জনঃ
যোৱা বছৰ কভিড পৰিস্থিতিৰ বাবে পিছুৱাই দিবলৈ সিদ্ধান্ত লোৱা ‘পুনে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱে’ তেওঁলোকৰ ১৯তম চলচ্চিত্ৰ মহোৎসৱ ভাগ অনুষ্ঠিত কৰিছে সম্পূৰ্ণ এটা বছৰৰ পিছত। যোৱা ২ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা এই মহোৎসৱত ভাগ লব দেশে বিদেশে প্ৰায় ২০ খন আগশাৰীৰ চলচ্চিত্ৰ মহোৎসৱত ভাগ লৈ ‘শ্ৰেষ্ঠ কথাছবি’ শ্রেষ্ঠ পৰিচালক কে ধৰি বহু কেইটা শিতানত পুৰস্কৃত ‘বেলকণিত ভগৱান’ নামৰ অসমীয়া কথাছবি খনিয়ে।

উচ্চতম চলচ্চিত্ৰ প্ৰতিযোগিতা বোৰত ইতিমধ্যে বহুল ভাবে চৰ্চিত কথাছবি খন হল নুৰুল চুলতান প্ৰযোজিত আৰু বিশ্বজিৎ বৰাৰ পৰিচালিত কথাছবি ‘ বেলকণিত ভগৱান’ ( god on the balcony) কথাছবি খন পুনে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শন হব অহা ৬ ডিচেম্বৰ তাৰিখ আৰু ৮ ডিচেম্বৰ তাৰিখে পুনে স্থিত পেভেলিয়ন মলৰ PVR (Screen 5) যথাক্ৰমে সন্ধিয়া 6:30 বজাত আৰু 3:30 বজাত।
এছিয়া তথা পৃথিৱীৰ ভিতৰতে উল্লেখযোগ্য ‘২৪ সংখ্যক সাংঘাই আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, ২০২১, ‘নিউয়ৰ্ক ইণ্ডিয়ান চলচ্চিত্ৰ মহোৎসৱ, ২০২১’ জাৰ্মানীৰ উল্লেখযোগ্য চলচ্চিত্ৰ মহোৎসৱ ’18th Indian film festival of Stuttgart, 2021′ ব্রাজিলৰ ‘Lasa international film festival, Spain, London, Barcelona, Melbourne ‘ Official Selection’ হোৱাৰ উপৰিও অসম বাসীৰ বাবে গৌৰৱৰ বিষয় যে ‘বেলকনিত ভগৱানে’ ‘লণ্ডন, melbourne, ব্রাজিল আদিত Award পাবলৈ সক্ষম হৈছে, ইফালে জাৰ্মানীৰ মহোৎসৱ খনত ‘শ্রেষ্ঠ কথাছবিৰ’ ‘German Star of India’ বঁটাৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে।
ভাৰতৰ অন্যতম উল্লেখযোগ্য আৰু বৃহত্তম চলচিত্ৰ মহোৎসৱ ‘২৬ তম কলকতা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ’ ৰ ‘NATIONAL COMPETITION ON INDIAN LANGUAGE’ শাখাৰ বাবে নিৰ্বাচিত হৈ ‘ Golden Royal Bengal’ বঁটাৰে ‘ শ্রেষ্ঠ পৰিচালকৰ’ বঁটা পোৱাৰ পিছৰে পৰা চর্চা লৈ অহা ‘বেলকনিত ভগৱান ‘ নামৰ অসমীয়া চলচ্চিত্ৰ খনে লাভ কৰিছে বিশ্বৰ বহু মহোৎসৱত ভাগ লৈ লাভ কৰিছে এটাৰ পিচত এটাকৈ সন্মান। ইতিমধ্যে ৮ তম ৰাজস্থান আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত লাভ কৰিছে ‘শ্ৰেষ্ঠ কথাছবি’ৰ সন্মান আৰু ইটালীৰ ‘ভেচোভিয়াছ আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ’ ত লাভ কৰিছে ‘ শ্রেষ্ঠ পৰিচালক’ৰ সন্মান। লগতে ‘২১ তম নিউয়ৰ্ক ইণ্ডিয়ান আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ’ ত লাভ কৰিছে ‘শ্রেষ্ঠ অভিনেতা ( হৰিচ খান্না)’ আৰু ‘শ্রেষ্ঠ শিশু অভিনেত্ৰী’ ( পৰিনান্ধি জিমা চুলতানা) ৰ বাবে মনোনয়ন।
ইতিমধ্যে ‘২৫তম কেৰেলা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, 2021, ‘১৯তম ঢাকা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ, ২০তম ইমাজিন ইণ্ডিয়া আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ, ২০২১, ‘২৪ তম সাংহাই আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ, ২০২১, ‘ নিউয়ৰ্ক ইণ্ডিয়ান আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ, 2021, ‘১৯ তম পুনে আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ’ ‘৮ তম ৰাজস্থান চলচ্চিত্ৰ মহোৎসৱ 2021, কে আদি কৰি প্ৰায় ২০ তাৰো অধিক আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত ভাগ লৈ কথাছবি খনে চর্চা লাভ কৰিছে, লগতে আহিছে আমেৰিকা, ডুবাই। এই খবৰে স্বাভাৱিক তে সকলোলৈকে কঢ়িয়াই আনিছে আনন্দৰ বতৰা।
মাইনা প্ৰডাকচনৰ বেনাৰত নিৰ্মিত এই চলচ্চিত্ৰ খনৰ পৰিচালনা বিশ্বজিৎ বৰাৰ আৰু প্ৰযোজনা কৰিছে “জেতুকা পাতৰ দৰে”ৰ প্ৰযোজক নুৰুল চুলতানে।
চলচ্চিত্ৰ খনত মূখ্য চৰিত্ৰত অভিনয় কৰিছে বলীউডৰ কেইবাখনো ছবি ক্ৰমে য়াহা, কমিনে, মিডনাইটচ চিলড্ৰেন, গেংগচ অৱ ৱাছিপুৰ আদিত অভিনীত হাৰিশ খান্নাই। লগতে ইয়াত আন দুটা মুখ্য চৰিত্ৰত অভিনয় কৰিছে প্ৰণামী ভাৰথী আৰু পৰিনান্ধি জিমা চুলতানাই। ইয়াৰ উপৰিও অৰুণ হাজৰিকা, ৰাজীৱ ক্ৰ, শোণিত বৰা, সাংবাদিক ইভা মহন্ত, পবিত্ৰ বৰুৱা, গৌৰী শংকৰ ভূঞা, যতীন খনিকৰ, বিনোদ লাল দাস, অজয় ভৰালী, আলোক বৰুৱা, জ্যোতিষ্মান কাশ্যপ আদিৰ লগতে জেষ্ঠ অভিনেতা দীনেশ দাস, জেষ্ঠ অধিবক্তা বিজন মহাজনেও অভিনয় কৰিছে এই ছবিখনত। উল্লেখযোগ্য যে অসম চৰকাৰৰ কৃষিমন্ত্ৰী অতুল বৰাইও এটা গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিছে।
চলচ্চিত্ৰ খনৰ চিত্ৰগ্ৰহণ কৰিছে মুম্বাইৰ চিটাংশু খামাৰিয়ে। sound design কৰিছে মুম্বাইত জ্যোতি চেতিয়াই, কলা নিৰ্দেশনা জয়ন্ত জিন ফুকনৰ আৰু প্ৰযোজনা নিয়ন্ত্ৰণ অসীম শইকীয়াৰ আৰু প্ৰযোজনা সহকাৰী কুমুদ বৰাৰ।
ইতিমধ্যে বহুল ভাৱে চৰ্চিত এই চলচ্চিত্ৰখন অসমীয়া ৰাইজে খুব সোনকালে চাবলৈ পাব বুলি প্ৰযোজকে জনাইছে।













