বিশেষ প্ৰতিনিধিঃ
নগাঁও : নগাঁৱৰ বৰঘাট বাইপাছৰ ঘূৰণীয়া চ’কত আজি দুপৰীয়া এক গোপন সূত্ৰৰ পম খেদি নগাঁৱৰ উপ-আৰক্ষী অধীক্ষক ত্ৰিদীপ কুম্বাঙৰ নেতৃত্বত আৰক্ষীৰ তহলদাৰী দলে এখন হোণ্ডা একটিভা (এন এল ০৭ ইবি১৪৭১) দুচকীয়া বাহনত তালাচী চলাই এটা পিষ্টলসহ এজন যুৱকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা যুৱকজন ডিমাপুৰ চুপাৰ মাৰ্কেটৰ চংগওচুৱান নগাইহটে (৩৫) বুলি আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা গৈছে।
আৰক্ষী সূত্রই জানিবলৈ দিয়া মতে ধৃত ডিমাপুৰৰ যুৱকজনক ২০২০ বৰ্ষত অস্ত্ৰ সৰবৰাহৰ গোচৰত ডিফু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল যদিও চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত তেওঁ জামিন লাভ কৰি কাৰাগাৰৰ পৰা ওলাই আহি পুনৰ অবৈধ অস্ত্র সৰবৰাহত নামি পৰে। নগাঁও আৰক্ষীয়ে অধিক তথ্যৰ বাবে যুৱকজনক জেৰা অব্যাহত ৰাখিছে।