![]()
মনোৰঞ্জনঃ
“জোনাকী পৰুৱা (Fireflies)”, ৰাজ্যৰ জনসাধাৰণৰ আগত এক ধনাত্মক বাৰ্তা প্ৰেৰণ কৰাৰ লগতে ছবিখন আছিল স্বাধীন পৰিচালক প্ৰকাশ ডেকাৰ এনে এক সৃষ্টি যিয়ে ছ’চিয়েল মিডিয়াকে ধৰি সৰ্বত্ৰে খলকনি লগাইছিল। সমকামিতাৰ বিষয়বস্তুক লৈ নিৰ্মিত এই ছবিখনক দেশ-বিদেশৰ বহুকেইখন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ ছবি সমাৰোহত প্ৰশংসিত হ’বলৈ সক্ষম হৈছিল। এইবাৰ এইগৰাকী পৰিচালকৰ পৰিচালনাৰে আহি আছে এখন হিন্দী পূৰ্ণদৈৰ্ঘ্যৰ ছবি। শেহতীয়াকৈ ছবিখনৰ নামটিৰ আনুষ্ঠানিক ঘোষণা কৰিছে পৰিচালক প্ৰকাশ ডেকাই।
এয়া সঁচাকৈ এক সুখবৰ। কাৰণ, প্ৰকাশ ডেকাৰ দৰে একোগৰাকী পৰিচালকে বৰ্তমান ৰাজ্যৰ জনসাধাৰণক মনোৰঞ্জন প্ৰদানৰ লগতে এটা ধনাত্মক বাৰ্তা প্ৰেৰণৰ সৰ্বতোপ্ৰকাৰে চেষ্টা কৰি আহিছে। এইবাৰ তেখেতৰ পৰিচালনাৰে আহিবলগীয়া ছবিখনৰ নাম হৈছে ‘নাচ বাসন্তী নাচ।” ছবিখনত অভিনয় কৰিবলগীয়া অভিনেতা-অভিনেত্ৰী সকলৰ ইতিমধ্যে অ’ডিশ্বন সমাপ্ত হৈছে। Radium Pictures ৰ বেনাৰত নিৰ্মিত এই ছবিখনৰ কাহিনীভাগ লিখিছে মুকেশ কুমাৰে। লগতে, ইয়াত সহঃপৰিচালনা কৰিব অসমৰেই আন দুগৰাকী নৱপ্ৰজন্মৰ পৰিচালক ক্ৰমে মৃণাল ডেকা আৰু দেৱজিৎ দাসে। দৃশ্যগ্ৰহণ কৰিব পাপু ডেকাই।
চলিত মাহৰ শেষৰ ফালে কানপুৰ তথা ফাতেহপুৰৰ বিভিন্ন ঠাইত এই ছবিখনৰ শ্বুটিং আৰম্ভ কৰা হ’ব। ‘নাচ বাসন্তী নাচ’ ৰ কেইবাটাও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিব ক্ৰমে দিলীপ আৰ্য়া, অনিল ৰষ্টোগী, ৰিয়া কাপুৰ, জয় বিজয় শশাংকে ধৰি আন ন-পূৰণি অভিনেতা-অভিনেত্ৰীয়ে।













