![]()
ষ্টাফ ৰিপৰ্টাৰঃ
নগাঁওঃ
নগাঁও সদৰ আৰক্ষী থানাৰ অন্তৰ্গত কাটিমাৰীত সংঘটিত হৈছে আন এক এনকাউণ্টাৰৰ ঘটনা। ড্ৰাগছ সৰবৰাহকাৰীয়ে চোকা অস্ত্ৰৰে অভিযানকাৰী আৰক্ষী দলক আঘাত কৰিবলৈ চেষ্টা কৰাৰ ফলত আৰক্ষীয়ে আত্মৰক্ষাৰ বাবে গুলীচালনা কৰে।
কাটিমাৰীৰ এটা ঘৰত নগাঁও আৰক্ষী আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীয়ে যুটীয়াভাৱে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায়। ড্ৰাগছ সৰবৰাহ কাৰী অভিযুক্ত ৰফিকুল ইছলামৰ একাউণ্টাৰত ভৰিত গুলী লাগে আৰু ততাতৈয়াকৈ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
আনহাতে, ঘটনাৰ খবৰ পাই নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰকে ধৰি জ্যেষ্ঠ আৰক্ষী বিষয়া বৰ্গ ঘটনা স্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লয় আৰু ঘটনা সংক্ৰান্তত অধিক তদন্তৰ বাবে আৰক্ষী অধীক্ষক গৰাকীয়ে নিৰ্দেশনা জাৰী কৰে। উল্লেখ্য যে, বিগত সময়ত কাটিমাৰীৰ ৰফিকুলৰ বাসগৃহত চলাই থকা ড্ৰাগছৰ ঘাটিত অভিযান চলাবলৈ গৈছিল আৰক্ষী আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ অভিযানকাৰী দল।
কিন্তু তাত উপস্থিত হোৱাৰ পিছতে অতৰ্কিতে ড্ৰাগছ মাফিয়া ৰফিকুলে আৰক্ষী দলক চোকা অস্ত্ৰৰে আক্ৰমণৰ চেষ্টা কৰে বুলি অভিযানকাৰী দলে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷ তদুপৰি অভিযানকাৰী আৰক্ষীৰ দলে ৰফিকুলৰ বাসগৃহৰ পৰা বুজন পৰিমাণৰ ড্ৰাগছ আৰু আপত্তিজনক সামগ্ৰী জব্দ কৰা বুলিও জানিবলৈ দিয়ে।
ইপিনে,আৰক্ষীয়ে মফিজুল ইছলাম নামৰ আন এটা ড্ৰাগছ সৰবৰাহকাৰীৰ লগতে আন চাৰি ড্ৰাগছ আসক্ত যুৱককো ৰফিকুলে চলোৱা ড্ৰাগছৰ ঘাটিৰ পৰা আটক কৰে। উল্লেখ্য যে মফিজুল নগাঁৱৰ ড্ৰাগছ সৰবৰাহকাৰীৰ মূল মাষ্টাৰমাইণ্ড।













