![]()
নিউজ ডেস্কঃ
প্রথমতে ভুল বুজাবুজিৰ বাবে নিৰহ, নিৰস্ত্র ৬ জন গাঁওবাসীক গুলীয়াই হত্যা। তাৰ পিছত মৃতদেহ নিবলৈ অহা গাঁওবাসীৰ ওপৰত পুনৰ গুলীচালনা। ফলত পুনৰ মৃত্যু ১০ জনৰ। গাঁওবাসীৰ আক্রমণত নিহত সেনাৰ এজন পেৰা কমান্ডো। তাৰ পিছত আকৌ দেওবাৰে বিয়লি উত্তেজিত জনতাৰ অসম ৰাইফলছৰ শিবিৰত তৃতীয়বাৰ আক্ৰমণ। ফলত পুনৰ নিহত প্ৰায় ২ন জন। অগ্নিগৰ্ভা নাগালেণ্ডৰ মন জিলাত এই পর্যন্ত নিহতৰ সংখ্যা ১৬।
আহত আন বহুকেইজন। উত্তেজনা এৰাবলৈ ৰাজ্য চৰকাৰে মন জিলাত মোবাইল ইন্টাৰনেট, ডেটা সেৱা, এছএমএছ সেৱা বন্ধ কৰি দিয়ে। পিছত অৱশ্যে উক্ত সেৱা পুনৰ আৰম্ভ কৰা হয়। মুখ্যমন্ত্রী নেফিউ ৰিঅ’ই দিল্লী ভ্ৰমণ আৰু নগা শান্তি আলোচনা বৈঠক অসমাপ্ত কৰিয়েই দেওবাৰে বিয়লি কোহিমাত উপস্থিত হয়। সোমবাৰে ৰাজ্যখনৰ বিভিন্ন জিলাত বন্ধৰ আহ্বান জনোৱা হৈছে। মন জিলাত জাৰি হৈছে ১৪৪ ধাৰা।













