![]()
নিউজ ডেস্কঃ
এই পদ্ধতি জানিলে ৱাটছএপৰ জৰিয়তে ২৫০ৰো বেছি লোকক একেলগে পঠাব পাৰিব কোনো মেছেজ। পদ্ধতি মতে সর্বাধিক ২৫৬ জনক এনেদৰে মেছেজ পঠাব পাৰিব। ইয়াৰ বাবে কোনো গ্রুপৰ প্ৰয়োজন নাই। কিন্তু এটা প্রস্তুতি আছে।
এই পদ্ধতিক ‘ব্রডকাষ্ট লিষ্ট’ বনোৱা বুলি কয়। ইয়াৰ বাবে ৱাটছএপত গৈ চাট স্ক্রিনৰ সোঁফালৰ ওপৰত থকা তিনিটা ডটত আঙুলিৰে স্পৰ্শ কৰক। তাত ড্রপ ডাউনত নিৰ্বাচন কৰিব লাগিব ‘নিউ ব্রডকাষ্ট’ অপচন। তাত স্পৰ্শ কৰিলেই মোবাইলত ছেভ কৰা নম্বৰৰ তালিকা দেখুৱাব। তাৰ পৰা নিৰ্বাচন কৰক কাক কাক মেছেজ দিব।
তাত এবাৰতে ২৫৬টা নম্বৰ নিৰ্বাচন কৰিব পৰা যায়। এইবাৰ এডাল কাঁৰ চিহ্ন দেখা যাব। তাত আঙুলি দিলেই সৃষ্টি হ’ব ব্রডকাষ্ট গ্রুপ। এইবাৰ মেছেজ পঠালেই সকলোৰে ওচৰলৈ গুচি যাব। একেলগে সকলোকে মেছেজ পঠালেও কোনেও ধৰিব নোৱাৰিব। প্রত্যেকৰ ওচৰলৈ ব্যক্তিগতভাবে মেছেজ পঠোৱা দেখাব।













