![]()
নিউজ ডেস্কঃ
সন্তানৰ বিয়াৰ স্মৃতি যুগমীয়া কৰিবলৈ গুজৰাটৰ এজন ব্যৱসায়ীয়ে কৰিলে আজৱ কাণ্ড!
পুত্ৰৰ বিয়াৰ নিমন্ত্রণী পত্র পঠালে ৪ কেজি ২৮০ গ্রাম ওজনৰ এটা বাকচত৷ ব্যক্তিজন হৈছে গুজৰাটী ব্যৱসায়ী মওলেশভাই উকানি। যোৱা ১৪ নৱেম্বৰত তেওঁৰ পুত্ৰ জয় উকানিৰ সৈতে সোনালবেন উকানিৰ বিয়া আছিল। বিয়া শেষ হৈ গ’লেও আজিও নিমন্ত্রিত অতিথিসকলৰ আলোচনাৰ বিষয়বস্তু উক্ত গুলপীয়া বাকচত থকা নিমন্ত্রণী পত্র।
কিন্তু কি আছে উক্ত বাকচটোত?
বাকচটোৰ ভিতৰত আছে অন্য চাৰিটা সৰু সৰু বাকচ। তাত আছে কাজুবাদাম, কাঠবাদাম, কিচমিচ আৰু চকলেট। লগতে আছে সাত পৃষ্ঠাৰ বিয়াৰ কার্ড। উক্ত বাকচটোৰ মূল্য সাত হাজাৰ টকা।
কেৱল বিয়াৰ কাৰ্ডেই নহয়, বিবাহ অনুষ্ঠান হৈছে উমায়েদ ভৱন পেলেচত। যিখন ভাৰতৰ সকলোতকৈ ব্যয়বহুল হোটেলবোৰৰ ভিতৰত এখন। উক্ত হোটেলত প্রতি নিশাৰ খৰচ হয় ২-৩ লাখ টকা। য’ত প্ৰতিপ্লেট খাদ্যৰ বাবে খৰচ হয় ১৮ হাজাৰ টকা!













