![]()
মনোৰঞ্জনঃ
সংগীত ক্ষেত্ৰখন আৰু এখাপ ওপৰত তুলি নিয়াৰ ক্ষেত্ৰত একাংশৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। ড° ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকাৰ সেই চিৰযুগমীয়া গীতবোৰৰ পৰা আৰম্ভ কৰি জুবিন গাৰ্গৰ কন্ঠৰে নিগৰা সেই হৃদয়সিক্ত কৰা গীতবোৰৰ পৰা বৰ্তমান সময়ৰ একাংশ সংগীতৰ সাধকে অসমীয়া সংগীত প্ৰেমী শ্ৰোতা সকলৰ আগত সংগীতৰ এক নতুন ধাৰা আগবঢ়াই আমোদ প্ৰদান কৰিছে।
আজি আপোনালোকৰ আগত অসমৰেই এগৰাকী যুৱক Pankaj Rajkhowa (পংকজ ৰাজখোৱা) ৰ বিষয়ে ক’বলৈ ওলাইছোঁ। নিজ ৮ বছৰ বয়সত গীতাৰটো হাতত তুলি লোৱা সময়ছোৱাৰে পৰা Pankaj Rajkhowa (পংকজ ৰাজখোৱা) সংগীতৰ প্ৰেমত পৰিছিল। বাংগালোৰৰ তথা অসমৰ কেইবাগৰাকীও জনপ্ৰিয় কণ্ঠশিল্পীৰ সৈতে মঞ্চত একেলগে পৰিবেশন কৰা পংকজ ৰাজখোৱাৰ চিনাকী আছিল এগৰাকী মুখ্য গীতাৰবাদক হিচাবে। বিগত ২০০২ চনতেই গঢ় লৈ উঠা “Voodoo Child” নামে এটি জনপ্ৰিয় ক্লাচিক ৰক বেণ্ডৰ এগৰাকী সক্ৰিয় সদস্য হিচাবে পংকজ ৰাজখোৱাই উত্তৰ-পূৰ্বাঞ্চলৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰো বহু ঠাইত পৰিবেশন কৰিছে। বৰ্তমান সময়ত এগৰাকী কৰ্পোৰেট চাকৰিয়াল হ’লেও তেওঁৰ সংগীতৰ প্ৰতি অগাধ শ্ৰদ্ধা দেখিবলৈ পোৱা যায়।


শেহতীয়াকৈ তেওঁৰ সুৰ আৰু সংগীতেৰে এটি নতুন গীতে লাভ কৰিছিল মুক্তি। ‘অভিমানী মন’ শীৰ্ষক এটি নতুন গীতৰ সৈতে ৰাইজৰ কাষ চাপিছিল তেওঁ। গীতটিত কণ্ঠদান কৰিছে প্ৰিন্স ভৰালীয়ে। লগতে, প্ৰণৱ মেধিৰ ভিডিঅ’ত পৰিচালনাৰে ইয়াত অভিনয় কৰিছে বৰ্ষাৰাণী বিষয়া আৰু প্ৰিন্স ভৰালীয়ে। মনোৰঞ্জন ক্ষেত্ৰখনত নৱপ্ৰজন্মৰ অন্তৰ্ভূক্তি আৰু তেওঁলোকৰ দৃঢ়তাই সংগীত ক্ষেত্ৰখনত এক অনন্য মাত্ৰা প্ৰদান কৰিছে, তেওঁলোকৰ প্ৰচেষ্টা আৰু সাধনা সঁচাকৈ প্ৰশংসনীয়। গীতটিত কথা অভিজিৎ দাসৰ আৰু শব্দ সংমিশ্ৰণ কৰিছে সুমিত বৰুৱাই। গীতটিয়ে শ্ৰোতা-দৰ্শকৰ সমাদৰ বুটলা লগতে ধনাত্মক মতামত লাভ কৰিবলৈও সক্ষম হৈছে।













