![]()
মনোৰঞ্জনঃ
চলিত বৰ্ষৰ বহু প্ৰত্যাশিত বলীউড ছবি “৮৩” ৰ ট্ৰেইলাৰটোৱে যেনেদৰে দৰ্শকক আকৰ্ষণ কৰিছিল ঠিক তেনেদৰে অলপতে মুক্তিপ্ৰাপ্ত ছবিখনৰ গীত ‘লহৰা দো’ য়ে লাভ কৰিছে শ্ৰোতা-দৰ্শকৰ বহুল সঁহাৰি। ১৯৮৩ চনত ৱ’ৰ্ল্ডকাপৰ সময়ছোৱাত ভাৰতৰ বিজয়ৰ যাত্ৰাটোক গীতটিত উপস্থাপন কৰা হৈছে। ক’ৰোণা ভাইৰাছৰ বাবে ছবিখনৰ মুক্তি যদিও পিছপৰি ৰৈছিল তথাপিও পুনৰবাৰ দৰ্শক অপেক্ষাৰত এই ছবিখনৰ পূৰ্ণৰূপত উপভোগ কৰিবলৈ।
কবীৰ খানৰ দ্বাৰা পৰিচালিত এই ছবিখন ১৯৮৩ চনত ভাৰতে ৱ’ৰ্ল্ড কাপত জয়লাভ কৰা সময়ছোৱাৰ সৈতে জড়িত। অহা ২৪ ডিচেম্বৰ তাৰিখে ছবিগৃহত মুক্তি লাভ কৰিব এই ছবিখন। ৰণবীৰ সিঙৰ সৈতে এই ছবিখনত দুটি গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখিবলৈ পোৱা যাব দীপিকা পাডুকন আৰু পংকজ ত্ৰিপাঠীক।













