![]()
নিউজ ডেস্কঃ
প্রধানমন্ত্রী নৰেন্দ্র মোদী, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, কংগ্রেছ নেত্রী ছোনিয়া গাঁন্ধী, অভিনেত্রী প্রিয়ঙ্কা চোপ্ৰা! কোন নাই তালিকাত৷ বিহাৰৰ এটা স্বাস্থ্য কেন্দ্রত টীকাৰ তালিকাত মোদীৰ পৰা প্রিয়ঙ্কাৰ নাম প্রকাশ্যে অহাত হুলস্থুল লাগি পৰিছে।
ঘটনাটি ঘটিছে ৰাজ্যখনৰ আৰৱাল জিলাৰ কার্পি স্বাস্থ্য কেন্দ্রত। বিষয়টো প্রকাশ্যে অহাৰ লগে লগেই গাফিলতিৰ অভিযোগত তৎকালে দুই কম্পিউটাৰ অপাৰেটৰক নিলম্বন কৰিছে জিলা প্রশাসনে। সম্প্রতি উক্ত স্বাস্থ্য কেন্দ্রটোত টীকাকৰণ কাৰ্যসূচী চলিছিল। টীকা লোৱাসকলৰ নাম চৰকাৰী পর্টেলত নথিভুক্ত কৰা হয়। উক্ত তালিকাতে দেখা গৈছে যে টীকা লোৱা ব্যক্তিসকলৰ ভিতৰত আছে মোদী, শ্বাহ, প্রিয়ঙ্কা আদিৰ নাম।
উপায়ুক্ত জে প্রিয়দর্শিনীয়ে জনোৱা মতে, উক্ত ঘটনাৰ তদন্ত কৰি চোৱা হ’ব কাৰ গাফিলতিত এনে কাণ্ড ঘটিছে। ঘটনা সন্দৰ্ভত এটি গোচৰ ৰুজু কৰা হৈছে।”













