![]()
নিউজ ডেস্কঃ
সেনাবাহিনীৰ ২১ নম্বৰ পেৰা স্পেচিয়েল ফৰ্চৰ বিৰুদ্ধে ‘ইচ্ছাকৃত গণহত্যাৰ অভিযোগ’ আনি এফআইআৰ দাখিল নাগালেণ্ড আৰক্ষীৰ। লগতে পুনৰ নাগালেণ্ডসহ সমগ্র উত্তৰ-পূবত আফস্পা প্রত্যাহাৰৰ দাবী সজোৰে উত্থাপিত হ’ল।
আনহাতে, গৃহ আয়ুক্ত অভিজিৎ সিঙে দেওবাৰে নিশাই দাবিযী কৰিছিল যে নাগালেণ্ডৰ ওটিঙত শনিবাৰৰ ঘটনাৰ বাবে দায়ী সেনা কমাণ্ডোৰ ‘ভুল খবৰ’ আৰু ‘নিয়ন্ত্রণহীন গুলীচালনা’। আৰক্ষীৰ এফআইআৰতো লিখিছে, “আৰক্ষীক কোনো খবৰ নিদিয়াকৈয়ে কমাণ্ডোসকলে গাঁওবাসী অহাৰ পথত বাহৰ পাতিছিল। গাঁওবাসীৰ গাড়ী দেখিয়েই তেওঁলোকে বিনা প্রৰোচনাই গুলীয়াই হত্যা কৰে মানুহখিনিক। গাঁওবাসীক হত্যা বা আহত কৰাই আছিল সেনাৰ উদ্দেশ্য।
লগতে প্রত্যক্ষদর্শীৰ সাক্ষ্য উল্লেখ কৰি আৰক্ষীয়ে জনাইছে যে প্রথম পৰ্যায়ত কমাণ্ডোসকলে ৬ জনক গুলীয়াই হত্যা কৰে। ইয়াৰ পিছত তেওঁলোকৰ মৃতদেহ আনিবলৈ যোৱাত ৭ গাঁওবাসীক পুনৰ হত্যা কৰে। আহত হয় আন ২২ জন। ইয়াৰ পিছত কমাণ্ডোসকলে যথেষ্ট পৰিমাণে গুলীচালনা কৰে আৰু অসমৰ দিশে পলায়ন কৰে। আহতসকলৰ আৰু এজনৰ মৃত্যু হোৱাত মৃতকৰ সংখ্যা বৃদ্ধি হয় ১৭ জনলৈ।













