![]()
নিউজ ডেস্কঃ
ভাৰত-ৰাছিয়াৰ বিদেশমন্ত্রী আৰু প্রতিৰক্ষামন্ত্রী পর্যায়ৰ (টু প্লাছ টু) প্রথম বৈঠকত সোমবাৰে প্রতিৰক্ষা ক্ষেত্রত দুখন অতি গুৰুত্বপূর্ণ চুক্তিত স্বাক্ষৰ কৰে দুয়োখন দেশে। দীর্ঘম্যাদী সামৰিক সহযোগিতাৰ ক্ষেত্রতো আগন্তুক দহ বছৰৰ বাবে বুজাপৰা হৈছে দেশ দুখনৰ।
প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিং আৰু ৰাছিয়াৰ প্রতিৰক্ষামন্ত্রী ছার্গেই ছোইগুৰ মাজত সোমবাৰে স্বাক্ষৰিত প্রথমখন চুক্তি হৈছে ৰাইফল নিৰ্মাণ প্ৰকল্পৰ৷ উক্ত প্ৰকল্পৰ অধীনত প্রায় ৬ লাখ এ কে-২০৩ ৰাইফল ভাৰতত যৌথভাৱে উৎপাদন কৰিব। ৫ হাজাৰ কোটি টকাৰ উক্ত প্রকল্পটো স্থাপন হ’ব উত্তৰ প্রদেশৰ আমেথিত।
আনহাতে, ২০৩১ চন পর্যন্ত ভাৰত আৰু ৰাছিয়াই সামৰিক প্রযুক্তিত সহযোগিতা আগবঢ়াই যোৱাৰ বাবেও এখন চুক্তিত চহী কৰে।













