![]()
নিউজ ডেস্কঃ
ওমিক্রন আতঙ্কৰ মাজতেই কিছু স্বস্তি দেশৰ কোভিড গ্রাফত। দেশত ৫৫৮ দিনত সর্বনিম্ন দৈনিক সংক্রমণ।
বিগত ২৪ ঘণ্টাত দেশত কৰোনা আক্রান্ত হৈছে ৬ হাজাৰ ৮২২ জন। সুস্থ হৈছে ১০ হাজাৰ ৪ জন। স্বাস্থ্য মন্ত্ৰালয়ৰ মঙ্গলবাৰৰ বুলেটিন অনুযায়ী, দেশত সক্রিয় ৰোগীৰ সংখ্যা হৈছে ৯৫ হাজাৰ ১৪। যিটো বিগত ৫৫৪ দিনৰ ভিতৰত সর্বনিম্ন। সুস্থতাৰ হাৰ ৯৮.৩৬ শতাংশ। আনহাতে, দেশত বিগত ২৪ ঘণ্টাত মৃত্যু হৈছে ২২০ জনৰ।
আক্রান্তৰ শীর্ষত এতিয়াও কেৰালা। ৰাজ্যখনত বিগত ২৪ ঘণ্টাত আক্রান্ত হৈছে ৩ হাজাৰ ২৭৭ জন। মৃত্যু হৈছে ১৬৮ জনৰ। তামিলনাডুত আক্রান্ত হৈছে ৭১৯ জনৰ, মৃত্যু হৈছে ১০ জনৰ। মহাৰাষ্ট্রত বিগত ২৪ ঘণ্টাত সংক্রমিত ৫১৮ জন, মৃত্যু হৈছে পাঁচজনৰ। পশ্চিমবঙ্গত আক্রান্ত ৪৬৫, মৃত্যু ৯ জনৰ।













