![]()
নিউজ ডেস্কঃ
যোৱা নিশা হোজাইৰ আদৰ্শ নগৰৰ থকা জাতীয় বিদ্যালয় হোজাইত অঘটন। বিদ্যালয় প্ৰাংগণৰ থকা এখন বাহন সম্পূৰ্ণৰূপে অগ্নিদগ্ধ হয় । এই অগ্নিকাণ্ডত বিদ্যালয়ৰ একাংশৰো আংশিক ক্ষতি হয় । বাহনখন কোনো দুৰ্বৃত্তই বিদ্যালয়ৰ প্ৰাংগণত থকা বাহন খন জ্বলাই থৈ যোৱা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে । নিশা প্ৰায় দুই মান বজাত এই ঘটনা সংঘটিত হয় বুলি স্থানীয় লোকে মন্তব্য কৰে ।
এই সংক্ৰান্তত আৰক্ষীয়ে কেইবাজনো লোকক আৰক্ষীয়ে সোধ পোচ কৰে । দুস্কৃতিকৰিয়ে বিদ্যালয় খনৰ চৌহদৰো ক্ষতি সাধন কৰে । উল্লেখ্য যে, পূৰ্ব নিশাও বিদ্যালয় খনত দুস্কৃতিকৰিয়ে সা সামগ্ৰীৰ ক্ষতি সাধন কৰিছিল। এই সংক্ৰান্তত বিদ্যালয় কৰ্তৃপক্ষই হোজাই থানাত এক গোচৰ ৰুজু কৰাত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে ।













