নিউজ ডেস্কঃ
আফস্পা বাতিলৰ প্ৰস্তাৱ কেন্দ্ৰলৈ প্ৰেৰণ নাগালেণ্ড চৰকাৰৰ৷ উল্লেখ্য, মঙলবাৰে নাগালেণ্ড চৰকাৰ কেবিনেটে গ্ৰহণ কৰে এই ক’লা আইন বাতিলৰ প্ৰস্তাৱ৷ শনিবাৰে নাগালেণ্ডৰ মন জিলাত অসম ৰাইফলছৰ গুলীত নিহত হৈছিল ৰাজ্যখনৰ কন্যাক জনগোষ্ঠীৰ ১৬ গৰাকীকৈ নিৰীহ লোকৰ৷ এই লোককেইজনৰ বৰ্বৰোচিত হত্যাৰ অভিযোগ উঠিছে অসম ৰাইফলছৰ বিৰুদ্ধে৷ ইতিমধ্যে এই সংক্ৰান্তত অসম ৰাইফলছৰ বিৰুদ্ধে গোচৰো ৰুজু কৰিছে নাগালেণ্ড আৰক্ষীয়ে৷ উক্ত হত্যাকাণ্ডৰ তিনি দিন পিছত মঙলবাৰে কোহিমাত অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক৷ উক্ত বৈঠকত ৰাজ্যখনৰ পৰা তাৎক্ষণিকভাৱে আফস্পা বাতিলৰ প্ৰস্তাৱ গ্ৰহণ কৰি কেন্দ্ৰলৈ পৰামৰ্শ আগবঢ়াইছে।
আনহাতে, কোহিমাৰ কিছামাৰ নগা হেৰিটেজ ভিলেজত চলি থকা দ্বাবিংশতিতম হৰ্ণবিল উৎসৱ বাতিল সিদ্ধান্তও গ্ৰহণ কৰা হৈছে কেবিনেটত। উক্ত কেবিনেট বৈঠকতে মন জিলাৰ ওটিঙত সংঘটিত নিৰীহ লোকৰ হত্যাকাণ্ডত নিহত আৰু আহতসকললৈ সমবেদনা জ্ঞাপন কৰে নাগালেণ্ড চৰকাৰে।