![]()
মনোৰঞ্জনঃ
অসমীয়া সংগীত ক্ষেত্ৰখনৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী হৈছে দীক্ষু শৰ্মা। বিগত ২০০৫ চনতেই মুক্তি লাভ কৰা “চেম্পিয়ন” এলবামটিৰ জৰিয়তে শ্ৰোতাৰ মাজত জনপ্ৰিয় হৈ পৰা দীক্ষু শৰ্মাৰ “তুমি যদি কোৱা” শীৰ্ষক গীতটিয়ে বৰ্তমানলৈ দৰ্শকক আকৰ্ষিত কৰি ৰাখিছে। ইয়াৰ উপৰিও, কণ্ঠশিল্পী গৰাকীৰ পত্নী তথা এগৰাকী জনপ্ৰিয় মেকআপ আৰ্টিষ্ট বিজিয়েতা পাটগিৰীয়ে প্ৰায় সময়তে দীক্ষু শৰ্মাক সঁহাৰি জনোৱা দেখিবলৈ পোৱা যায়।
কেৱল মাত্ৰ, পিন্ধন উৰণ বুলিয়ে নহয়। দীক্ষু শৰ্মাৰ জনপ্ৰিয় কেইটিমান গীতৰ আঁৰতো আছে বিজিয়েতা। শেহতীয়াকৈ দীক্ষু শৰ্মাই এখন ফটো শ্বেয়াৰ কৰে য’ত পত্নীয়ে পুনৰবাৰ তেওঁৰ বাবে কিবা এক নতুন লিখি থকা দেখিবলৈ পোৱা গৈছে। উল্লেখ্য যে, অলপতে মুক্তিপ্ৰাপ্ত গীত “বাহুম্বা” য়ে সফলতা অৰ্জনত সক্ষম হৈছে। নতুন বিষয়বস্তুৰে মুক্তি লাভ কৰা গীতটিক সমাদৰো জনাইছে অসমীয়া সংগীতপ্ৰেমী শ্ৰোতা-দৰ্শকে।













