![]()
মনোৰঞ্জনঃ
অন্ধ্ৰ প্ৰদেশত ধাৰাসাৰ বৰষুণৰ ফলত জীয়াতু ভুগিবলগীয়া হৈছে ৰাইজ। লগতে ৰাজ্যখনৰ বহু ঠাইত বানপানীৰ বাবে বহু বেয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। যাৰ ফলত বহু লোকৰ যথেষ্ট ক্ষতিসাধন হৈছে। অৱশ্যে, এই সময়ছোৱাত ৰাজ্য চৰকাৰে বানপীড়িত লোক আৰু অঞ্চলসমূহৰ বাবে সকলো ধৰণৰ সহায় কৰি আছে। শেহতীয়াকৈ, দক্ষিণ চিনেমা জগতৰ চুপাৰষ্টাৰ প্ৰভাসেও বানপীড়িত লোকসকলক সহায় কৰিবলৈ আগবাঢ়ি আহিছে।
অভিনেতা প্ৰভাসে অন্ধ্ৰ প্ৰদেশৰ বানপীড়িত লোকসকলক ১ কোটি টকাৰ আৰ্থিক সাহায্য আগবঢ়াইছে। ইংৰাজী ৱেবছাইট ইণ্ডিয়ান এক্সপ্ৰেছৰ মতে, প্ৰভাসে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ জৰিয়তে ৰাজ্যখনৰ বানপীড়িত লোকসকলক এই আৰ্থিক সাহায্য আগবঢ়াইছে। প্ৰভাসৰ উপৰিও দক্ষিণ চলচ্চিত্ৰৰ অন্যান্য তাৰকাসকলেও বানপীড়িত লোকসকলক আৰ্থিক সাহায্য আগবঢ়াইছে।













