নিউজ ডেস্কঃ
নাগালেণ্ড বিধানসভাৰ বিশেষ অধিবেশনৰ আহ্বান জনোৱা হৈছে৷ সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন চমুকৈ আফস্পা বাতিল বিধেয়ক গ্ৰহণৰ বাবে আহ্বান জনোৱা হৈছে এই অধিবেশনৰ৷ অহা ২০ ডিচেম্বৰত অনুষ্ঠিত হ’ব এই বিশেষ অধিবেশন৷ ইতিমধ্যে নাগালেণ্ড চৰকাৰৰ কেবিনেটত গ্ৰহণ কৰা হৈছে আফস্পা বাতিলৰ সিদ্ধান্ত৷ উল্লেখ্য, নাগালেণ্ডৰ মন জিলাত অসম ৰাইফলছৰ হাতত ১৪জন নিৰীহ লোকৰ মৃত্যুৰ পিছতে নাগালেণ্ড তথা উত্ৰ-পূৰ্বাঞ্চলত বলৱৎ হৈ থকা এই ক’লা আইন বাতিলৰ দাবী সজোৰে উত্থাপন হৈছে৷