![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
বুধবাৰে হোজাইত আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ হিৰ’ইন আৰু কানি। লংকাৰ চিলংৰোডৰ পৰা হিৰ’ইনসহ আটক কৰে দুজনক। নাম ক্ৰমে বাপ্পন সাহা আৰু মনা চৰকাৰ। তেওঁলোকৰ ঘৰ লামডিংত।
পিছত বাপ্পন সাহা আৰু মনা চৰকাৰৰ স্বীকাৰ উক্তিৰ ভিত্তিত আৰক্ষীয়ে আৰু আটক কৰে দুজনক।
আনহাতে পিছত আটক কৰা দুজনৰ নাম তদন্তৰ খাতিৰত জনাৱ বিচৰা নাই হোজাই আৰক্ষীয়ে। সৰ্বমুঠ চাৰিজনক আটক কৰে হোজাই আৰক্ষীয়ে। জব্দকৃত হিৰ’ইনখিনিৰ পৰিমাণ ৭৪০ গ্ৰাম আৰু কানিৰ পৰিমাণ ১ কেজি ২৮ গ্ৰাম। হিৰ’ইন আৰু কানিখিনিৰ বজাৰ মূল্য প্ৰায় ৭ কোটি টকা। বৰ্তমানো হোজাইৰ আৰক্ষীৰ অভিযান অব্যাহত।












