![]()
বিশেষ প্ৰতিনিধিঃ
নগাঁও : দেশে স্বাধীনতা লাভ কৰা ৭৫ বছৰ পূৰ্তি উপলক্ষে বেংক অব্ মহাৰাষ্ট্ৰই এক ব্যতিক্ৰমী কাৰ্যপন্থা গ্ৰহণ কৰে ৷ ৰাষ্ট্ৰীয়কৃত বিত্তীয় প্ৰতিষ্ঠানটোৱে মহিলা সৱলীকৰণ দিশত গ্ৰহণ কৰা কেতবোৰ পদক্ষেপৰ অংশ হিচাপে আজি নগাঁৱৰ সাংস্কৃতিক প্ৰকল্প প্ৰেক্ষাগৃহ অনুষ্ঠিত সভাত মহিলা আত্মসহায়ক গোটসমূহৰ মাজত ঋণ প্ৰদান কৰা হয় ।
উক্ত অনুষ্ঠানত ৬৮ টা মহিলা আত্মসহায়ক গোটৰ মাজত প্ৰদান সৰ্বমুঠ ৮৮ লাখ টকাৰ ঋণ প্ৰদান কৰা হয়৷ এই উপলক্ষে অনুষ্ঠিত সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি বেংক অব মহাৰাষ্ট্ৰৰ ই ডি এ বি বিজয় কুমাৰে হিতাধিকাৰী সকলক উদ্দেশ্যি কয় : “মহিলা সৱলীকৰণৰ দিশত ৰাষ্ট্ৰীয়কৃত এই বিত্তীয় প্ৰতিষ্ঠানটোৱে ইতিমধ্যে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে ৷ সাম্প্ৰতিক সময়ত দেশৰ আৰ্থ-সামাজিক দিশত মহিলা সমাজৰ অবদান অতুলনীয় ৷ এনে ক্ষেত্ৰত মহিলা আত্মসহায়ক গোটসমূহক স্বাবলম্বী কৰি তোলাত আমাৰো যথেষ্ট কৰণীয় আছে ৷ এই উপলক্ষে আজি গোটসমূহক প্ৰদান কৰা ঋনে নিঃসন্দেহে আমাৰ সমাজব্যৱস্থাৰ অৰ্থনৈতিক দিশত ইতিবাচক প্ৰভাব পেলাব বুলি আমি আশাবাদী ৷”
উক্ত অনুষ্ঠানত বেংক অব মহাৰাষ্ট্ৰৰ শীৰ্ষ বিষয়া ক্ৰমে জি এম সঞ্জয় ৰূদ্ৰ ,দিলিপ ৰা’লো প্ৰমুখ্য কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত থাকে ৷













